পদ প্রাদেশিকীকৰণৰ দাবীত চচলত বঞ্চিত শিক্ষকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 7:16 PM IST

thumbnail

গুৱাহাটী, 9 ফেব্ৰুৱাৰী : অসম বিধান সভাৰ বাজেট অধিবেশনৰ পঞ্চম দিনাও ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ ধৰ্ণা, বিক্ষোভত উত্তাল হৈ আছে মহানগৰীৰ চচল ৷ ন্যাৰ্য প্ৰাপ্তিৰ দাবীত অসম প্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক-কর্মচাৰী সন্থাই চচলত 7 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ ৰূপায়ণ কৰা অনশন কাৰ্যসূচীৰ আজি সামৰণি পৰে ৷

শিক্ষক সংগঠনটোবে নিম্ন প্ৰাথমিক, এম ই, হাইস্কুল, উচ্চতৰ মাধ্যমিকত কৰ্মৰত প্ৰায় 5,500 শিক্ষক-কর্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ তথা তেওঁলোকৰ সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী জনায় ৷ সংগঠনটোৱে শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ, 2010 চনৰ ডিচেম্বৰৰ পূৰ্বে নিয়োজিত সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা, বাধ্যতামূলক অসমীয়া আৰু ইংৰাজী বিষয়ৰ দ্বিতীয় পদত কৰ্মৰত শিক্ষকসকলৰ নিয়োগ নিশ্চিত কৰাকে ধৰি অন্যান্য কেইবাটাও দাবী জনায় ৷ অনাগত দিনত চৰকাৰে তেঁওলাকৰ দাবী পূৰণ নকৰিলে ৰাজপথত আন্দোলন কৰাৰ লগতে নগ্ন প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ৷

লগতে পঢ়ক : ৭ দিনৰ ভিতৰত ক্ষতিপূৰণ নিদিলে বন্ধ হ’ব ইষ্ট ৱেষ্ট ক'ৰিডৰ কাম: ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰাম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.