৭ দিনৰ ভিতৰত ক্ষতিপূৰণ নিদিলে বন্ধ হ’ব ইষ্ট ৱেষ্ট ক'ৰিডৰ কাম: ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰাম
National Highways Authority of India: হাফলং সাংস্কৃতিক ভৱনত ক্ষতিগ্ৰস্ত ২৯ খন গাঁৱৰ বাসিন্দা সকলৰ ক্ষতিপূৰণ মোকলাই দিয়াৰ দাবী । ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰামৰ সভাপতি ডেভিড কেভমৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক সকীয়নি ।

Published : February 9, 2024 at 2:17 PM IST
হাফলং, ৯ ফেব্ৰুৱাৰী: ডিমা হাছাও জিলাৰ মাজেদি চলি থকা শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ সকীয়নি ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰামৰ । অহা ৭ দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ক্ষতিগ্ৰস্ত ২৯ খন গাঁৱৰ পৰিয়াল সমূহক ক্ষতিপূৰণৰ ধন মোকলাই নিদিলে ডিমা হাছাও জিলাৰ নৃৰিমবাংলাৰ পৰা হাৰেংগাজাও পৰ্যন্ত চলি থকা চাৰিলেন পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হ'ব বুলি ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰামৰ সভাপতি ডেভিড কেভমে সকীয়াই দিয়ে।
ইণ্ডিজিনিয়াছ ষ্টুডেন্টছ ফ'ৰামৰ সভাপতি ডেভিড কেভমে ক্ষোভেৰে কয়,"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে অনতি পলমে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ ক্ষতিপূৰণৰ টকা মুকলি কৰি দিব, কামত বাধা দিব নালাগে । যাৰ বাবে ইমান দিন কামত বাধা দিয়া নাছিল গাঁৱৰ বাসিন্দা সকলে । ইতিমধ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ ৰাজহ বিভাগৰ ফালৰ পৰা এই ক্ষতিগ্ৰস্ত গাঁৱৰ পৰিয়াল সমূহৰ ক্ষতিপূৰণৰ বিল জমা দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওচৰত ।" কিন্তু এতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ক্ষতি পূৰণৰ ধন ক্ষতিগ্ৰস্ত পৰিয়াল সমূহক মুকলি কৰি দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে ডেভিড কেভমে ।
তেওঁ কয় যে কিছু গাঁৱৰ লোকে কামত বাধাৰ সৃষ্টি কৰাৰ বাবে সেইসকলক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই ক্ষতিপূৰণৰ ধন মুকলি কৰি দিছে । কিন্তু বেছিৰ ভাগ ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ টকা এতিয়ালৈকে মুকলি কৰি দিয়া নাই । ইমান দিন অপেক্ষা কৰি থকাৰ পিচতে চৰকাৰ বা জিলা প্ৰশাসনে তেওঁ লোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই যাৰ বাবে বৃহস্পতিবাৰে হাফলং সাংস্কৃতিক ভৱনত ক্ষতিগ্ৰস্ত ২৯ খন গাঁৱৰ বাসিন্দা সকলে এখন সভাৰ আয়োজন কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে । অহা সাত দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তেওঁলোকৰ ক্ষতিপূৰণৰ টকা মুকলি কৰি নিদিলে পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিয়াৰ লগতে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব ।
লগতে পঢ়ক:গুৰুজনাৰ জন্মস্থানত বিত্তীয় কেলেংকাৰী ! বটদ্ৰৱা থানৰ সম্পাদকৰ বিৰুদ্ধে অভিযোগৰ আঙুলি

