ETV Bharat / state

গুৰুজনাৰ জন্মস্থানত বিত্তীয় কেলেংকাৰী ! বটদ্ৰৱা থানৰ সম্পাদকৰ বিৰুদ্ধে অভিযোগৰ আঙুলি

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 10:12 AM IST

Financial scam in Bordowa Than: গুৰুজনাৰ জন্মস্থানতো বিত্তীয় কেলেংকাৰী ! মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকৰ বিৰুদ্ধে ধন, সোণ আত্মসাতৰ অভিযোগ উত্থাপন হৈছে । ভকত বৈষ্ণৱে আগবঢ়োৱা প্ৰায় 150 তোলা সোণ-ৰূপ হৰলুকি কৰাৰ অভিযোগ বটদ্ৰৱা থানৰ সম্পাদক অৰূপ শইকীয়াৰ বিৰুদ্ধে । স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ।

Bordowa Than
গুৰুজনাৰ জন্মস্থানত বিত্তীয় কেলেংকাৰী !

নগাঁও, 9 ফেব্ৰুৱাৰী: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত ধন সোণ আত্মসাতৰ অভিযোগে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ । গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ প্ৰাচীন কালৰ পৰা ভকত বৈষ্ণৱে আগবঢ়োৱা প্ৰায় 150 তোলা সোণ-ৰূপ হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে বটদ্ৰৱা থানৰ সম্পাদক অৰূপ শইকীয়াৰ বিৰুদ্ধে । এগৰাকী ব্যৱসায়ী তথা ৰাজনৈতিক ব্যক্তি হিচাপে পৰিচিত অৰূপ শইকীয়াই বটদ্ৰৱা থানকো বজাৰলৈ পৰিণত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা ভকত বৈষ্ণৱে ।

ইয়াৰোপৰি, থানলৈ আগবঢ়োৱা ভকত বৈষ্ণৱৰ লাখ লাখ টকা পৰ্যন্ত প্ৰণামী আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে । ভুৱা ৰচিদ বনাই বিত্তীয় অনিয়মৰো আন এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে সম্পাদক অৰূপ শইকীয়াৰ বিৰুদ্ধে । ধন আত্মসাৎ ,বিত্তীয় কেলেংকাৰীক লৈ চূড়ান্ত আভ্যন্তৰীণ কন্দলত জৰ্জৰিত হৈ পৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতি । নতুন সমিতিখন গঠন হোৱাৰে পৰা কেতিয়াবা সদস্যৰ বিৰুদ্ধে আৰু কেতিয়াবা সভাপতি, সম্পাদকৰ বিৰুদ্ধে আঙুলি উঠা পৰিলক্ষিত হৈছে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, কলা-সংস্কৃতি প্ৰচাৰ-প্ৰসাৰৰ বাবে গঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যৰ বিৰুদ্ধে স্থানীয় ৰাইজ, ভকত বৈষ্ণৱ ক্ষোভিত হৈ পৰিছে । বটদ্ৰৱা স্থানীয় ৰাইজে পৰিচালনা সমিতিখনত ভকত বৈষ্ণৱ, শিল্পী সাহিত্যিকৰ পৰিৱৰ্তে ৰাজনৈতিক ব্যক্তি, ব্যবসায়ী, ঠিকাদাৰৰ প্ৰভাৱ বিস্তাৰ হোৱাৰ বাবে এনে ঘটনা হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে । অসমীয়া জাতিৰ জনক মহাপুৰুষ গুৰুজনাৰ জন্মস্থানৰ ধন হৰলুকি কৰাৰ অভিযোগ উঠা সম্পাদকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী কৰিছে বটদ্ৰৱাবাসী ৰাইজে ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ধন, সোণ আত্মসাৎ কৰা সম্পাদকৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Assam Sahitya Sabha : অচলাৱস্থা; বিত্তীয় কেলেংকাৰী, বিষয়ববীয়াৰ মইমতালিত কোঙা অসম সাহিত্য সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.