অনা অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া ভাষাত প্ৰদৰ্শন কৰিলে খুলীয়া ভাউৰীয়া

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 1:21 PM IST

thumbnail

ওদালগুৰি,৩১ জানুৱাৰী: কালৰ সোঁতত অসমীয়া সংস্কৃতিৰ পৰা হেৰাই যাবলৈ ধৰা এক আপুৰুগীয়া সংস্কৃতি খুলীয়া ভাউৰীয়া জীৱন্ত কৰিলে এদল বহিঃৰাজ্যৰ কলা-কুশলীয়ে । বিশিষ্ট অভিনেতা, পৰিচালক পবিত্ৰ ৰাভাৰ তত্বাৱধানত ছিপাঝাৰৰ এটি খুলীয়া ভাউৰীয়াৰ দলে প্ৰশিক্ষণ প্ৰদান কৰা অনা অসমীয়া এদল যুৱক-যুৱতীয়ে সম্পূৰ্ণ অসমীয়া ভাষাত সহস্ৰাধিক দৰ্শকৰ সন্মুখত পবিত্ৰ ৰাভাৰ দাপোনত পৰিৱেশন কৰে ৰাৱণ বধ নামৰ নাটখনি । লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, কানপুৰ, বিহাৰ, বানাৰস, দিল্লী, কলকাতা আদি বিভিন্ন ৰাজ্যৰ ভাৰতেন্দু নাট্য অকাডেমিৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিনয়ত আপ্লুত হৈ পৰে উপস্থিত দৰ্শকসকল ।  

প্ৰায় ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিনয় কৰা এই নাটখনি অসমৰ উপৰিও দিল্লীৰ ভাৰত ৰংগ মহোৎসৱ আৰু অযোধ্যাত প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিচালক পবিত্ৰ ৰাভাই । প্ৰবল ইচ্ছাশক্তি থকা ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় এমাহযোৰা আখৰাৰ অন্তত অসমীয়া ভাষা শিকি অসমীয়া ভাষাত নাটখনি মঞ্চস্থ কৰা বাবে সকলোকে ধন্যবাদ জনাই পবিত্ৰ ৰাভাই । 

লগতে পঢ়ক: বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীলৈ ২০২৪ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.