ETV Bharat / entertainment

বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীলৈ ২০২৪ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 9:49 PM IST

Mohan Bhaira Memorial Award: ১ ফেব্ৰুৱাৰীত নলবাৰী জিলা ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই পৰমেশ্বৰ বসুমতাৰীক প্ৰদান কৰিব ২০২৪ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা ।

mohan-bhaira-memorial-award-to-eminent-flute-player-parameshwar-basumatary
পৰমেশ্বৰ বসুমতাৰীলৈ সন্মান
সংবাদমেল

নলবাৰী, ৩০ জানুৱাৰী : ২০২৪ চনৰ মোহন ভাইৰা স্মাৰক বঁটা আগবঢ়োৱা হৈছে অসমৰ এগৰাকী বিশিষ্ট বাঁহীবাদক, বাক্সা জিলাৰ জালাহৰ ভেবলা বড়োপাৰা গাঁৱৰ পৰমেশ্বৰ বসুমতাৰীলৈ । মঙলবাৰে নলবাৰীৰ শ্বহীদ ভৱনত এক সংবাদমেল যোগে সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰে এই বঁটা । সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজুউদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অক্ষয় ডেকা, গুণজ্যোতি পাঠক, সভাপতি নিৰুজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত আৰু নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা উপস্থিত থাকে আজিৰ এই সংবাদমেলখনত ৷

mohan-bhaira-memorial-award-to-eminent-flute-player-parameshwar-basumatary
পৰমেশ্বৰ বসুমতাৰী

আছু নেতৃত্বই সংবাদমেলত কয় যে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই ২০০৯ চনৰে পৰা সংস্কৃতিৰ পথাৰৰ পৰা হেৰাই যাব ধৰা থলুৱা কলা-সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে এই বঁটা প্ৰদান কৰি আহিছে ৷ ২০০৯ চনত পুণ্যপ্ৰভা দত্ত তামুলী, ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা, ২০১২ চনত মাণিক শইকীয়া ওজা, ২০১৩ চনত ৰূহীন ৰাভা, ২০১৪ চনত দ্বীজেন গগৈ, ২০১৫ চনত প্ৰভাত শৰ্মা, ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী, ২০১৮ চনত লোকনাথ কুটুমক এই বঁটা প্ৰদান কৰা হয় যদিও ২০‍১৯ ৰ ‘কা’ বিৰোধী আন্দোলন আৰু ২০২০ ত ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগ’ল ৷

২০২১ চনত হৰেকৃষ্ণ তালুকদাৰ, ২০২২ ত নিকুঞ্জ পাঠক, ২০২৩ ত অনিৰাম নাথক প্ৰদান কৰা হয় এই বঁটা । এইবেলি ২০২৪ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা সন্মান প্ৰদান কৰা হ’ব বিশিষ্ট বাঁহীবাদক, লোক সংস্কৃতিৰ সাধক বাক্সা জিলাৰ জালাহৰ ভেবলা বড়োপাৰা গাঁৱৰ পৰমেশ্বৰ বসুমতাৰীক । সৰুৰে পৰা বাঁহীৰ প্ৰতি আগ্ৰহী বসুমতাৰীক অহা ১ ফেব্ৰুবাৰীত এই বঁটা প্ৰদান কৰা হ’ব ৷ এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব ।

নলবাৰীৰ শ্বহীদ ভৱনৰ বাকৰিত অনুষ্ঠিত হ’বলগীয়া উক্ত বঁটা প্ৰদান অনুষ্ঠানত বঁটাৰ লগতে নগদ ধন, স্মাৰক, ফুলাম জাপি, ফুলাম গামোচা, মানপত্ৰ, চেলেং, নগদ ধন আদি প্ৰদান কৰা হ’ব । বাক্সা জিলাৰ জালাহৰ ভেবলা বড়োপাৰা গাঁৱত জন্মগ্ৰহণ কৰা পৰমেশ্বৰ বসুমতাৰীৰ পিতৃ প্ৰয়াত চাকুলা ৰাম বসুমতাৰী আৰু মাতৃ শুক্লেশ্বৰী বসুমতাৰী । আৰ্থিক অভাৱৰ বাবে দশম শ্ৰেণীলৈ অধ্যয়ন কৰা বিশিষ্ট শিল্পী বসুমতাৰীয়ে ৫ বছৰ বয়সৰ পৰা বাঁহী বজাবলৈ আৰম্ভ কৰে ৷

১৯৭৫ চনৰ পৰা বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত বাঁহীবাদন কৰি অহা পৰমেশ্বৰ বসুমতাৰীয়ে আকাশবাণীৰ এগৰাকী নিয়মীয়া শিল্পী । ভাৰতৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ লগত প্ৰায় ১৫ বছৰ বাঁহী সংগত কৰাৰ উপৰিও খগেন মহন্ত, পুলক বেনাৰ্জী, দ্বীপেন বৰুৱাকে ধৰি বিভিন্নজন শিল্পীৰ লগত বাঁহীবাদন কৰা বসুমতাৰীক ইতিমধ্যে কলিকতাত সুৰ নন্দন বঁটাৰেও সন্মানিত কৰা হৈছে ।

লগতে পঢ়ক : নলবাৰীত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পথ সঞ্চালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.