চন্দ্রিমা ভট্টাচার্যৰ 'তুমি যে আহিলা' শীর্ষক গীতৰ শুভমুক্তি - Song by Chandrima Bhattacharya

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : January 23, 2024 at 7:36 PM IST

1 Min Read

গুৱাহাটী,২৩ জানুৱাৰী: মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয় কণ্ঠশিল্পী চন্দ্রিমা ভট্টাচার্যৰ 'তুমি যে আহিলা' শীর্ষক গীতটি । প্রখ্যাত সংগীত শিল্পী দিলীপ শর্মা আৰু সুদক্ষিণা শর্মাৰ সুযোগ্য সন্তান প্রয়াত ঋষিৰাজ শর্মাই ৰচনা কৰা এইটোৱেই শেষৰটি গীত আছিল । গীতিটিত কণ্ঠদান কৰিছে অসমৰ জীয়াৰী তথা কলকাতাৰ প্রখ্যাত কণ্ঠশিল্পী চন্দ্রিমা ভট্টাচার্যই ।  

গীতটি মুকলি কৰি চন্দ্রিমা ভট্টাচার্যই কয় যে, "ঋষিৰাজ শর্মা মোৰ বহুত ঘনিষ্ঠ আছিল । মই বহুদিন অসমত নথকাৰ বাবে ঋষিদাৰ সৈতে মোৰ যোগাযোগ কমি গৈছিল । অসুস্থতাৰ বাবে তেওঁ কিছুদিন কলকাতাত থকাৰ পিছত পুনৰ ঋষিদাৰ লগত সম্পর্ক গভীৰ হৈ পৰিছিল। মই ঋষিদাক চাবলৈ যোৱাত ঋষিদাই মোক কৈছিল 'আমি একেলগে এটা গান কৰো দিয়া ।'  

তেওঁ লগতে কয়, "পিছত ঋষিদাৰ অসুস্থতাৰ বাবে পৰৱৰ্তী সময়ত তেওঁৰ অকাল মৃত্যু হোৱাৰ বাবে সেই পৰিকল্পনা আধৰুৱা ৰ'ল । সেয়েহে এইবাৰ সেই আধৰুৱা পৰিকল্পনাটো বাস্তৱত ৰূপায়িত কৰাৰ বাবে আমাৰ এই প্রস্তুতি ।" গীতটি মুকলি কৰি বিশিষ্ট শিল্পী মনিষা হাজৰিকাই কয়,"ঋষি খুবেই প্রতিভাৱান আছিল আৰু আজিৰ এই বিশেষ দিনটোত তাৰ দ্বাৰা ৰচিত গীতটো মুকুলি কৰিব পাই মই খুবেই আনন্দিত ।"

লগতে পঢ়ক: কেনেদৰে আৰম্ভ হৈছিল সুৰকাৰ-কণ্ঠশিল্পী জে পি দাসৰ সংগীত যাত্ৰা ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.