বিনোদ কুম্বাঙৰ পৰিচালনাৰে মিচিং ছবি দঃৰচাঙৰ শুভমুক্তি

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 10:07 PM IST

thumbnail

জোনাই, ৩১ জানুৱাৰী: বলীউদৰ এক্সন ডিৰেক্টৰ তথা মল্ল যুজাৰু বিনোদ কুম্বাঙৰ পৰিচালনাৰে শুভমুক্তি লাভ কৰিলে দঃৰচাং নামৰ  মিচিং বোলছবিখনে ৷ ভাইটি গামৰ কাহিনীৰে নিৰ্মাণ কৰা বহু প্ৰত্যাশিত বোলছবিখন আজি গোগামুখস্থিত গেট টুগেদাৰ হোটেলত শুভমুক্তি দিয়া হয় ।

বিগ বাজেটেৰে নিৰ্মাণ কৰা বোলছবিখনৰ পৰিচালক বিনোদ কুম্বাঙে ফিটাকাটি শুভমুক্তি দিয়া উক্ত শুভ অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচল প্ৰদেশৰো বহু শিল্পী তথা কলা-কুশলী উপস্থিত থাকে ।

উল্লেখযোগ্য যে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে বিগত দিনবোৰত ঘটা কিছু অপ্ৰীতিকৰ ঘটনাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে জনসাধাৰণৰ মাজত । ড্ৰাগছ বিৰোধী অভিযানক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে দঃৰচাঙ নামৰ বোলছবিখন ৷

দঃৰচাং নামৰ বোলছবিখন ৰাইজে উপভোগ কৰি নিজৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ লগতে অনাগত দিনত এনেদৰে বোলছবি নিৰ্মাণ কৰি যোৱাত উৎসাহ যোগাবলৈ আহ্বান জনায় অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট লোকসকলে ।

লগতে পঢ়ক: পাৰ্থ সাৰথি মহন্ত পৰিচালিত ফেহুঁজালিলৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.