ETV Bharat / entertainment

পাৰ্থ সাৰথি মহন্ত পৰিচালিত ফেহুঁজালিলৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 3:45 PM IST

Fehujali wins Best Short Film Award At JIFF 2024 : অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি. পি. সিং প্ৰযোজিত আৰু ডি.আই.জি পাৰ্থ সাৰথি মহন্তৰ পৰিচালিত তথ্যচিত্ৰ ‘ফেহুঁজালি’লৈ ২০২৪ বৰ্ষৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰ বঁটা প্ৰদান ।

Assamese documentary Fehujali wins Best Short Film at Jaipur International Film Festival 2024
ফেহুঁজালিলৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা

গুৱাহাটী, ২৯ জানুৱাৰী: পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া তথ্যচিত্ৰ । বিগত ৯ জানুৱাৰীৰ পৰা জয়পুৰত অনুষ্ঠিত হোৱা ‘জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত’ উজলি উঠিল অসমৰ এখন বিশেষ তথ্যচিত্ৰ । ২০২৪ বৰ্ষৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং অৰ্থাৎ জি পি সিঙৰ প্ৰযোজিত তথ্যচিত্ৰ 'ফেহুঁজালি'এ ।

বিদ্ৰোহী সংগঠন আলফাৰ বাস্তৱ কাহিনীক লৈ নিৰ্মিত তথ্যচিত্ৰখন পৰিচালনা কৰিছে উপ-মহাপৰিদৰ্শক (ডিআইজি), অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ)ৰ পার্থ সাৰথি মহন্তই । এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁ এগৰাকী আৰক্ষী হোৱাৰ উপৰিও এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও ৷

উল্লেখযোগ্য যে, ২০২৪ বৰ্ষৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অংশগ্ৰহণ কৰিছে মুঠ ৮২ খন দেশে । ৮২ খন দেশৰ মুঠ ২৯৭১ খন কথাছবিৰ মাজৰ পৰা মহোৎসৱত প্ৰদৰ্শিত হোৱা মুঠ ৩২৯ খন কথাছবিৰ ভিতৰত চুটি তথ্যচিত্ৰৰ শাখাত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ বঁটা লাভ কৰে ‘ফেহুঁজালি’এ ।

ফেহুঁজালিৰ কাহিনী কি ?

তথ্যচিত্ৰখনত ধনৰ প্ৰলোভনকে ধৰি বিভিন্ন কৌশলৰ জৰিয়তে উগ্ৰপন্থী সংগঠনত যোগদান কৰা উত্তৰ-পূব ৰাজ্যৰ যুৱক-যুৱতীসকলৰ দুৰ্দশাৰ ওপৰত গভীৰভাৱে গুৰুত্ব আৰোপ কৰিছে । ক্ষোভিত আৰু বঞ্চিত যুৱকসকলৰ যে স্বাধীন অসমৰ ধাৰণা অলীক উপলব্ধি তাকেই কাহিনীৰ আধাৰ হিচাপে লৈ এই চুটি ছবিখন নিৰ্মাণ কৰা হৈছে ৷ লগতে বিদেশী শক্তিৰ হাতৰ পুতলালৈ ৰূপান্তৰ হোৱা এনে সন্ত্ৰাসবাদী সংগঠনৰ দেশপ্ৰেমৰ ভুৱা অভিনয়ৰ প্ৰতি ভোল নোযোৱাৰ বাবেও এক বার্তা এই ছবিখনৰ জৰিয়তে দিবলৈ প্ৰয়াস কৰা হৈছে ।

লগতে পঢ়ক: নেটফ্লিক্সত প্ৰকাশ পাব শ্বীনা বৰাৰ হত্যাকাণ্ডৰ আঁৰৰ কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.