আকৌ অনিৰ্দিষ্ট কাললৈ উত্তৰ-পূব LPG পৰিবহন সন্থাৰ বন্ধ ঘোষণা

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 12:34 PM IST

thumbnail

তিনিচুকীয়া, ৩১ জানুৱাৰী : বুধবাৰৰ পৰা পুনৰ ৰাজ্যজুৰি ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ যিহেতু মঙলবাৰৰ সন্ধিয়াৰ পৰা তিনিচুকীয়া জিলাৰ মাকুম গোপনাৰী বটলিং প্লাণ্টৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সাতটাকৈ বটলিং প্লাণ্টৰ LPG পৰিবহন সন্থাই অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে ৷ ইতিমধ্যে আৰম্ভ হৈছে পৰিবহন সেৱা বন্ধৰ কাৰ্যসূচী ৷

বন্ধৰ ফলত বটলিং প্লান্টত আৱদ্ধ হৈ পৰিছে সহস্ৰাধিক ৰন্ধন গেছ কঢ়িওৱা বাহন । উত্তৰ-পূব PACKED LPG ট্ৰান্সপ’ৰ্টাৰ এছ’চিয়েশ্যনে ৰূপায়ণ কৰিছে ধৰ্মঘট কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে আজিৰে পৰা ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলতে গৃহিণীসকলৰ বাবে নাটনি হ’ব ৰন্ধন গেছৰ ৷

পৰিবহনকাৰীসকলক পূৰ্বতে স্থানীয় ভাড়াত ৮৮০০ টকাকৈ দিয়াৰ বিপৰীতে এতিয়া এই মাচুল ৫৪০০ টকালৈ হ্ৰাস কৰা হৈছে ৷ পূৰ্বৰ ভাড়া বাহাল ৰখাৰ দাবীত ইয়াৰ পূৰ্বতেও পৰিবহণকাৰীসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ ৷ কিন্তু এতিয়া IOCL কৰ্তৃপক্ষই পৰিবহণকাৰীসকলক প্ৰবঞ্চনা কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট কাৰ্যসূচী পুনৰ সাব্যস্ত কৰিছে তেওঁলোকে ৷ ধৰ্মঘটৰ ফলত পৰিবহন সেৱা বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জা, তিনিচুকীয়া গোপানাৰী, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলীয়াজান বটলিং প্লান্টৰ ।

লগতে পঢ়ক : তিনিচুকীয়াত আওপুৰণি অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰেই চলিছে জৰুৰী সেৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.