বৰপেটাত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 2:17 PM IST

thumbnail

বৰপেটা, ২৫ জানুৱাৰী : আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বৰপেটাতো পালন কৰা হয় ৰাষ্ট্ৰীয় ভোটাৰ দিৱস । ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে সজাগতা দৌৰ, বক্তৃতা প্ৰতিযোগিতা আৰু বাটৰ নাট পৰিৱেশন কৰা হয় । এই আয়োজনৰ উদ্দেশ্য হৈছে জনসাধাৰণৰ মাজত ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰা । কাৰণ গণতন্ত্ৰ শক্তিশালীকৰণত ভোটাৰে গ্ৰহণ কৰে মূখ্য ভূমিকা ।

আজিৰ কাৰ্যসূচীত সজাগতা দৌৰ উদ্বোধন কৰে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত খনীন দাসে । এই কাৰ্যসূচীত আয়োজিত বক্তৃতা প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয় । একেদৰে ভোটদানৰ প্ৰতি সজাগতা সৃষ্টি বিষয়ক বাটৰ নাট পৰিৱেশন কৰা হয় ।

এই আয়োজনৰ জৰিয়তে বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা নতুন প্ৰজন্মৰ মাজত ভোটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য় কৰে বৰপেটাৰ জিলা নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই । উল্লেখ্য যে, এইবাৰৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শ্লোগান হ'ল, "ভোটাদান অনন্য, আমি ভোট দিমেই" । 

লগতে পঢ়ক: অমীমাংসিত হৈ পৰি আছে অসম বিধানসভাত গৃহীত ১৬ খন বিধেয়ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.