ETV Bharat / state

অমীমাংসিত হৈ পৰি আছে অসম বিধানসভাত গৃহীত ১৬ খন বিধেয়ক

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 10:48 PM IST

Winter Session Assam
অসম বিধানসভা

Assam Legislative Assembly: ভাৰতীয় সংবিধানৰ ২০০ নং অনুচ্ছেদৰ অধীনত গৃহ মন্ত্ৰণালয়ে লাভ কৰিছে ৰাজ্যখনৰ অমীমাংসিত ১৬খন বিধেয়ক । অমীমাংসিত এইকেইখন বিধেয়কত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন । ৰাষ্ট্ৰপতিয়ে এনে বিধেয়ক বিবেচনাৰ বাবে গ্ৰহণ কৰিবও পাৰে অথবা ঘূৰাই পঠিয়াবও পাৰে পুনৰ সংশোধনীৰ বাবে ।

গুৱাহাটী, ২৪ জানুৱাৰী: অসম বিধানসভাৰ এইবাৰৰ শীতকালিন অধিৱেশন অনুষ্ঠিত নহ'ল । বিধানসভাৰ এইবাৰৰ অধিৱেশন বিটিআৰত হোৱাৰ কথা আছিল যদিও কোনো কাৰণত অনুষ্ঠিত নহ'ল । কিন্তু অনুষ্ঠিত হোৱাহেতেন এই কথা নিশ্চিত আছিল যে আন অধিৱেশনৰ দৰে এইবাৰৰ বিধানসভাৰ অধিৱেশনতো বিভিন্ন বিষয়ৰ ওপৰত বিতর্ক হোৱাৰ লগতে দুই-এখন বিধেয়কো উত্থাপন হ’লহেঁতেন । কিন্তু অসম বিধানসভাৰ পূৰ্বৰ অধিৱেশনসমূহত উত্থাপন হৈ অহা সকলো বিধেয়ক আইনত পৰিণত হয়নে ? এনে বিধেয়কৰো দুই-এখন অমীমাংসিত হৈ থাকে নেকি ? এনে প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হয় ।

নিয়ম অনুসৰি ৰাজ্যৰ বিধানসভাৰ অধিৱেশনত উত্থাপিত আৰু সম্মতিক্ৰমে গৃহীত বিধেয়কসমূহত ৰাজ্যপালে স্বাক্ষৰ কৰিলেহে ইয়াক কার্যক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যায় । কিন্তু কেতিয়াবা এনে বিধেয়কত ৰাজ্যপালৰ স্বাক্ষৰ নহয় অথবা ইয়াৰ বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিলৈও প্ৰেৰণ কৰা হয় ।

লক্ষ্যণীয় বিষয় যে অসম বিধানসভাৰ মজিয়াত গৃহীত এনে ১৬খন বিধেয়ক দীর্ঘদিন ধৰি অমীমাংসিত হৈ পৰি থকাৰ তথ্য পোহৰলৈ আহিছে । ভাৰতীয় সংবিধানৰ ২০০ নং অনুচ্ছেদৰ অধীনত গৃহ মন্ত্ৰণালয়ে লাভ কৰিছে ৰাজ্যখনৰ অমীমাংসিত ১৬ খন বিধেয়ক । এইকেইখন অমীমাংসিত বিধেয়কত নিশ্চিতভাৱে প্ৰয়োজন হ'ব ৰাষ্ট্ৰপতিৰ অনুমোদন । ৰাষ্ট্ৰপতিয়ে এনে বিধেয়ক বিবেচনাৰ বাবে গ্ৰহণ কৰিবও পাৰে অথবা ঘূৰাই পঠিয়াবও পাৰে পুনৰ সংশোধনীৰ বাবে ।

তাৎপর্যপূর্ণ কথা যে কেৱল অসম বিধানসভাৰ মজিয়াত গৃহীত হোৱা বিধেয়কেই নহয়, দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ অধিৱেশনত গৃহীত বিধেয়ক আজিৰ তাৰিখত অমীমাংসিত ৰূপত আছে । এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় সংবিধানৰ ২০০নং অনুচ্ছেদৰ আধাৰত গ্ৰহণ কৰা দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ১৪৪খন নতুন অথবা সংশোধনী বিধেয়ক অমীমাংসিত ৰূপত আছে । উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ২০০ নং অনুচ্ছেদৰ অধীনত বিশেষকৈ অসম বিধানসভাৰ দ্বাৰা গৃহীত ১৬খন গুৰুত্বপূৰ্ণ বিধেয়ক অমীমাংসিত অৱস্থাত আছে ।

তথ্য অনুসৰি অমীমাংসিত বিধেয়ককেইখন হ'ল ক্ৰমে:

‘দ্য ফেক্টৰিজ (অসম দ্বিতীয় সংশোধনী) বিধেয়ক-২০২০’, ‘দ্য ৰেজিষ্ট্ৰেশ্যন (অসম সংশোধনী) বিধেয়ক-২০২২’, ‘দ্য ক'ড অব ক্ৰিমিনেল প্ৰচিডিউৰ (অসম সংশোধনী) বিধেয়ক-২০২২’, ‘দ্য বিডী এণ্ড ছিগাৰ ৱৰ্কাৰ্ছ (কণ্ডিশ্যন অব এমপ্লয়মেন্ট) (আছাম এমেনমেন্ট) বিধেয়ক-২০২২', 'দ্য প্লেন্টেচন লেবাৰ্ছ (অসম সংশোধনী) বিধেয়ক-২০২২’, ‘দ্য ইকুৱেল ৰেমুনাৰেশ্যন (অসম সংশোধনী) বিধেয়ক-২০২২’, 'দ্য ইণ্টাৰ-ষ্টেট মাইগ্লেণ্ট ৱৰ্কমেন (ৰেণ্ডলেশ্যন অব এমপ্লয়মেন্ট এণ্ড কণ্ডিশ্যন অব ছাৰ্ভিছেছ) (অসম সংশোধনী) বিধেয়ক-২০২২, ‘দ্য বিল্ডিং এণ্ড আডাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ ৱেলফেয়াৰ চেছ (অসম সংশোধনী) বিধেয়ক-২০২২, ‘দ্য কণ্ট্ৰেক্ট লেবাৰ (ৰেগুলেশ্যন এণ্ড এবুলুশ্যন) (অসম সংশোধনী) বিধেয়ক-২০২২, ‘দ্য বিল্ডিং এণ্ড আডাৰ কনষ্টাকশ্যন বৰ্কাৰ (ৰেগুলেশ্যন অব এমপ্লয়মেন্ট এণ্ড কণ্ডিশ্যন অব ছাৰ্ভিছেছ) (অসম সংশোধনী) বিধেয়ক-২০২২, 'দ্য ইণ্ডাষ্ট্ৰিয়েল দিছপুট (অসম সংশোধনী) বিধেয়ক-২০২২, দ্য ফেক্টৰিজ (অসম সংশোধনী) বিধেয়ক-২০২২, ‘দ্য মিনিমাম ৱেজ (অসম সংশোধনী) বিধেয়ক-২০২২’, ‘দ্য আছাম ছপ এণ্ড এষ্টাব্লিষ্টমেন্ট) বিধেয়ক-২০২২, ‘দ্য পেমেন্ট অব গ্ৰেচুইটি (অসম সংশোধনী) বিধেয়ক-২০২২’ আৰু ‘দ্য ইণ্ডিয়ান পার্টনাৰশ্বিপ (অসম সংশোধনী) বিধেয়ক, ২০২৩’৷

এই বিধেয়ককেইখন এতিয়াও অমীমাংসিত হৈ আছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ আচৰণত অবাক ৰাজ্যৰ 100 বিশিষ্ট ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.