মৰিগাঁও জিলাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 4:07 PM IST

thumbnail

মৰিগাঁও, 28 ফেব্ৰুৱাৰী : 28 ফেব্ৰুৱাৰীত দেশজুৰি পালন  কৰা হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বঘৰাস্থিত সংস্কৃতি বিদ্যাপীঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত আৰু অসম বিজ্ঞান সমিতিৰ মৰিগাঁও জিলা সহযোগত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰা হয় ৷ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা বিভিন্ন বিজ্ঞান ভিত্তিক উদ্ভাৱনী প্ৰকল্প প্ৰদৰ্শন কৰা হয় । 

বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰে বহুকেইটা বিজ্ঞান প্ৰকল্প । এই বিজ্ঞান প্ৰদৰ্শনীত পৰ্যবেক্ষক হিচাপে অসম বিজ্ঞান সমিতিৰ মৰিগাঁও জিলা শাখাৰ যুটীয়া সম্পাদক লক্ষ্যজ্যোতি শ‌ইকীয়া উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা প্ৰকল্পসমূহ নীৰিক্ষণ কৰে ৷

এই ধৰণৰ পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শ্ৰেণী কোঠাৰ পাঠ্যক্ৰমৰ উপৰিও বিজ্ঞানৰ মানসিকতা গঢ়ি তোলাত সহায় কৰিব বুলি আগবঢ়াই মন্তব্য লক্ষ্যজ্যোতি শইকীয়াই ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ আলোচ্য বিষয়ত আলোকপাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.