নাৰায়ণপুৰৰ ব্যৱসায়ীৰ অৰুণাচলত ৰহস্যজনক মৃত্যু

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 9:45 PM IST

thumbnail

বিহপুৰীয়া, ৩১ জানুৱাৰী : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ধলপুৰৰ ব্যৱসায়ী প্ৰেমেশ্বৰ দাস ওৰফে চাহিয়াৰ অৰুণাচলৰ চেপাত ৰহস্যজনক মৃত্যু হয় । যোৱা ২০ জানুৱাৰীত নাৰায়ণপুৰৰ ধলপুৰ ৰূপতলীৰ পৰা ৪ জন কাপোৰৰ ব্যৱসায়ী অৰুণাচলৰ চেপালৈ বুলি গৈছিল । ইয়াৰে এজনৰ ২৮ জানুৱাৰীত ৰহস্যজনকভাৱে মৃত্যু হয় । মৃত্যু হোৱাৰ চাৰিদিনলৈকে খবৰ পোৱা নাছিল পৰিয়ালৰ লোকে ৷ ফোন কৰিলেও ৰিচিভ নকৰাত পৰিয়ালৰ লোকে লগত যোৱা তিনি জনে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰে ।  

একে গাঁৱৰে অৰূপ হাজৰিকা, ডিম্ব হাজৰিকা আৰু অভয় হাজৰিকাৰ ওপৰত হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ সম্প্ৰতি তিনিওজন পলাতক অৱস্থাত আছে । ইতিমধ্য়ে অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীক মৃতদেহটো গতাই দিয়াত আজি আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰে । অৰূপ হাজৰিকা, অভয় হাজৰিকাৰ লগতে অৰুণাচলৰ চেপাৰ পৰা ডিম্ব হাজৰিকাই প্ৰেমেশ্বৰৰ মৃতদেহ ধলপুৰ আৰক্ষী চকীত গতাই দিয়াৰ পিছৰে পৰা ডিম্বও পলাতক অৱস্থাত আছে ।

লগতে পঢ়ক:চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেও 'কা' বিৰোধী প্ৰতিবাদ অব্যাহত থাকিব : বিদ্যুৎ শইকীয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.