ETV Bharat / state

চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেও 'কা' বিৰোধী প্ৰতিবাদ অব্যাহত থাকিব : বিদ্যুৎ শইকীয়া

author img

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 7:32 PM IST

KMSS leader arrest news: ২০১৯ চনত কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতৰ ছয় নেতাক জেললৈ প্ৰেৰণ কৰাক লৈ গোলাঘাটত প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ।

KMSS  Press Meet in Golaghat
KMSS ৰ সংবাদমেল
KMSS ৰ সংবাদমেল

গোলাঘাট, ৩১ জানুৱাৰী: চৰকাৰে যিমানেই ভয় দেখুৱাই 'কা'ৰ বিৰুদ্ধে আন্দোলন বন্ধ কৰিবলৈ চেষ্টা নকৰক কিয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে সদায় মাত মাতি যাব ৷ 'কা'ৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত আন্দোলন কৰা বাবেই দোষী সাব্যস্ত কৰি ছয়জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক দোষী সাব্যস্ত কৰি জে'ললৈ প্ৰেৰণ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷ কা বলৱৎ হোৱাৰ ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সদায় বিৰুদ্ধাচৰণ কৰি যাব আৰু প্ৰতিখন জিলাতেই প্ৰতিবাদ হ'ব বুলি সকীয়াই দিয়ে কৃষক নেতাগৰাকীয়ে।

তেওঁ কয় যে জে'ললৈ প্ৰেৰণ কৰা নেতা সকল হৈছে বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক পৃথ্বীৰাজ দলে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটী মহানগৰ সমিতিৰ দুজন সম্পাদক প্ৰভাত চেতিয়া আৰু প্ৰদীপ নাৰ্জাৰী, সেই সময়ৰ মহানগৰ সমিতিৰ কাৰ্যকৰী সভাপতি সৰভুজ আলী, লগতে গুৱাহাটী মহানগৰ সমিতিৰ সাংগঠনিক সম্পাদক অভয় দে' আৰু নুৰুল ইছলাম । কৃষক নেতা গৰাকীয়ে সকীয়াই দি কয় যে চৰকাৰে যিমানেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰক কিয় 'কা'ৰ বিৰুদ্ধে সদায় প্ৰতিবাদ অব্যাহত ৰাখিব সংগঠনটোৱে ৷

ইপিনে, আছুৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰা প্ৰাক্তন সভাপতি দীপাংক নাথ আৰু প্ৰকাশ দাসৰ বিৰুদ্ধেও সৰব হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া ৷ উল্লেখ্য যে ২০১৯ ৰ ৯ ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়ত গুৱাহাটীত প্ৰধানমন্ত্ৰী যোৱা পথত 'কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল এই ছয়জন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই । তাৰ পাচত অসম আৰক্ষীয়ে এই নেতাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল । উক্ত গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চতম ন্যায়ালয়ে ৩০ জানুৱাৰীত এই ছয় নেতাক জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:প্ৰয়োজনত মৃত্যুবৰণ কৰিম, কিন্তু চুক্তিত চহী নকৰো: বিদ্যুৎ শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.