হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণৰ হাৰেৰে দ্বিতীয় স্থানত নলবাৰী - HSLC Result 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 4:11 PM IST

thumbnail

নলবাৰী,২০ এপ্ৰিল: ৮৮.১% উত্তীৰ্ণৰ হাৰেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থানত আছে নলবাৰী । জিলাখনৰ এই সামগ্ৰিক ফলাফলক লৈ প্ৰতিক্ৰিয়া নলবাৰী জিলা আছুৰ । নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হোৱা ২০২৪ ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিভিন্ন বেমেজালিৰ অভিযোগ উত্থাপন হৈছিল বিভিন্ন দল-সংগঠনৰ । যাৰ বাবে ছাত্র-ছাত্ৰীয়ে পৰীক্ষাৰ সময়ত কিছু ভীতিগ্ৰস্ত হোৱাৰো অভিযোগ উত্থাপন কৰিছিল সংগঠনসমূহে ।  

তেনেস্থলত প্ৰতিবছৰে ফলাফলৰ তালিকাত শীৰ্ষ দহটাৰ স্থান নলবাৰীৰ শিক্ষাৰ্থীয়ে দখল কৰি আহিছিল যদিও এইবেলি স্থান শূণ্যতাত দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে নলবাৰীৰ বিভিন্ন মহলে । নলবাৰী জিলা ছাত্র সন্থাইয়ো এইবাৰৰ উত্তীৰ্ণ আৰু ভাল ফলাফল কৰা শিক্ষাৰ্থীসকলক শুভেচ্ছা-অভিনন্দন জনোৱাৰ লগতে, আগন্তক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত নলবাৰী জিলাই স্থান লাভেৰে সুনাম কঢ়িয়াই আনিব বুলি আশাবাদী । 

লগতে পঢ়ক: কন্যাৰ অসফলতাত পিতৃৰ আত্মহনন - Father Commits Suicide

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.