ETV Bharat / state

কন্যাৰ অসফলতাত পিতৃৰ আত্মহনন - Father commits suicide

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 3:06 PM IST

Father commits suicide after daughter fails to clear HSLC exam
কন্যাৰ অসফলতাত পিতৃৰ আত্মহনন

HSLC Result 2024: ঘোষণা হ'ল ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । সফলতাৰ হাঁহি মাৰিলে বহুজনে । পিছে এই আনন্দৰ মাজতে আহিল এক কৰুণ খবৰ । কন্যাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱৰাত চৰম পথ বাচি ল'লে পিতৃয়ে । বৰপেটাৰোডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।

কন্যাৰ অসফলতাত পিতৃৰ আত্মহনন

বৰপেটাৰোড,২০ এপ্ৰিল: বৰপেটাৰোডত সংঘটিত হৈছে এক অঘটন । কন্যাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱৰাৰ বাবেই আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে পিতৃয়ে । বৰপেটাৰোডৰ জাখলিবিল পাথাৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা । আত্মহত্যা কৰা লোকজনৰ নাম লক্ষণ আৰ্য বুলি জানিব পৰা গৈছে ।

৪৫ বছৰীয়া লোকজনে শনিবাৰে ফলাফল ঘোষণাৰ পিচতে পুৱা ৰে'লৰ আগত পৰি আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে । বৰপেটাৰোডৰ সমীপৰ জাখলিবিল পাথাৰৰ লক্ষণ আৰ্যই কমাৰৰ কাম কৰি তেওঁৰ পৰিয়ালটো কোনোমতে পোহপাল দি আহিছিল । অশেষ কষ্ট স্বীকাৰ কৰি কন্যাৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল লক্ষণ আৰ্য । তেওঁৰ কন্যাই এইবেলি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । আন পিতৃৰ দৰে এক ভাল ফলাফল আশা কৰিছিল মৃত আৰ্যয়ো ৷ শনিবাৰে পুৱাই ওলাল ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।

পিছে, আশা কৰা ফলাফল লাভ নকৰিলে লক্ষণ আৰ্যৰ কন্যাই । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কন্যাই উত্তীৰ্ণ হ'ব নোৱৰাৰ খবৰ লাভ কৰি হতাশ হৈ পৰে লক্ষণ আৰ্য । ক্ষণিকৰ ভিতৰতে পিতৃয়ে ঘৰৰ কাষতে থকা ১নং ৰে'লৱে গেটৰ কিছু নিলগৰ ৰে'ল লাইনলৈ আহি নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ তলত পৰি আত্মহত্যা কৰে ৷ লগে লগে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত ।

এফালে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থীৰ পৰিয়ালত আনন্দৰ জোৱাৰ । আনফালে বৰপেটাৰোডত সংঘটিত এই কৰুণ ঘটনাই এক শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত । ইতিমধ্যে বৰপেটাৰোড ৰে'ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: HSLCৰ ফলাফল: তৃতীয় স্থানত উজলিল বৰপেটাৰ বেদান্ত চৌধুৰী - HSLC Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.