ETV Bharat / state

HSLCৰ ফলাফল: তৃতীয় স্থানত উজলিল বৰপেটাৰ বেদান্ত চৌধুৰী - HSLC result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 1:50 PM IST

HSLC result 2024
তৃতীয় স্থানত উজলিল বৰপেটাৰ বেদান্ত চৌধুৰী

HSLC result 2024: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিলে বৰপেটাৰ ষ্টেলা মেৰিছ স্কুলৰ ছাত্ৰ বেদান্ত চৌধুৰীয়ে । বেদান্তৰ সফলতাত আনন্দিত পৰিয়াল আৰু বিদ্যালয় কৰ্তৃপক্ষ ।

তৃতীয় স্থানত উজলিল বৰপেটাৰ বেদান্ত চৌধুৰী

বৰপেটা, ২০ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাচতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজ্যত ব্যাপক প্ৰস্তুতি চলিছে । তাৰ মাজতে শনিবাৰে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । শিক্ষা বিভাগে হঠাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।

ইফালে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা এইবাৰ কেইবাগৰাকীয়ে শিক্ষাৰ্থীয়ে শীৰ্ষ ১০ টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে । তাৰ ভিতৰত বৰপেটা জিলাৰ বেদান্ত চৌধুৰীয়ে তৃতীয় স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । বৰপেটা জিলাৰ ভবানীপুৰৰ সমীপৰ কহৰাস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ষ্টেলা মেৰিছ স্কুলৰ ছাত্ৰ বেদান্ত চৌধুৰী ।

বেদান্ত চৌধুৰীৰ এই সফলতাত আনন্দিত জিলাবাসী । বেদান্ত চৌধুৰীৰ বিদ্যালয় আৰু বাসগৃহত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । বেদান্ত চৌধুৰীয়ে সৰ্বমুঠ ৫৮৮ নম্বৰ লাভ কৰিছে ।

মেধাৱী ছাত্ৰজনক শুভেচ্ছা জনাবলৈ পুৱাৰে পৰা তেওঁৰ বাসগৃহত বিভিন্নজনে ভিৰ কৰিছে । বেদান্তৰ এই সফলতাত তেওঁৰ পৰিয়ালৰ লগতে চুবুৰীয়া আৰু আত্মীয় সকলো আনন্দিত হৈ পৰিছে । অঞ্চলটোৰ বিভিন্ন সংগঠনে তৃতীয় স্থানপ্ৰাপ্ত বেদান্তক তেওঁৰ বাসগৃহত সম্বৰ্ধনাও জ্ঞাপন কৰিছে ।

ফলাফল লাভ কৰাৰ পিচতে ছাত্ৰগৰাকীয়ে ইটিভি ভাৰতৰ সন্মুখত কয় যে তেওঁ এই ফলাফলক লৈ যথেষ্ট সুখী । পৰীক্ষা ভাল হ'লেও তৃতীয় স্থান লাভ কৰিব বুলি তেওঁ ভবা নাছিল । যাৰ বাবে তেওঁ যথেষ্ট আনন্দিত হৈছে । ভৱিষ্যতে অভিযন্তা হোৱাৰ ইচ্ছা আছে বেদান্তৰ । যাৰ বাবে জেইইকে ধৰি প্ৰৱেশ পৰীক্ষাবোৰ ভালদৰে দিয়াৰো চেষ্টা কৰিব বুলি সংবাদমাধ্যমক জনায় ।

লগতে পঢ়ক :ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজলিল মাজুলীৰ মানস প্ৰতীম শইকীয়া - HSLC Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.