ETV Bharat / state

ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজলিল মাজুলীৰ মানস প্ৰতীম শইকীয়া - HSLC result 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 12:40 PM IST

Updated : Apr 20, 2024, 1:21 PM IST

HSLC result 2024
ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজলিল মাজুলীৰ মানস প্ৰতীম শইকীয়া

HSLC result 2024: হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাজুলীৰ মানস প্ৰতীম শইকীয়াই ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰে । আইলেণ্ড একাডেমীৰ ছাত্ৰ মানস । মাজুলীত উৎসৱমুখৰ পৰিৱেশ ।

ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত উজলিল মাজুলীৰ মানস প্ৰতীম শইকীয়া

মাজুলী, ২০ এপ্ৰিল : লোকসভা নিৰ্বাচনক লৈ ৰাজ্যত ব্যাপক ব্যস্ততা থকাৰ মাজতে শনিবাৰে ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যত আন এক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শীৰ্ষস্থানত উজলিল বহু শিক্ষাৰ্থী ।

ফলাফল ঘোষণাৰ পাচতে মাজুলীৰ আইলেণ্ড একাডেমীত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে । কাৰণ বিদ্যালয়খনৰ ছাত্ৰ মানস প্ৰতীম শইকীয়াই ৰাজ্যৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিলে । বিদ্যালয়খনৰ লগতে মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে মানসে । যাৰ বাবে উৎফুল্লিত মাজুলীবাসী । মানসৰ বাসগৃহত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । একেদৰে শিক্ষকসকলেও বিহু নাচি মানসৰ এই সফলতা উদযাপন কৰিলে ।

মানস প্ৰতীম শইকীয়াৰ বাসগৃহ আৰু তেওঁ অধ্যয়ন কৰা বিদ্যালয়খনত বহুলোকে ভিৰ কৰা দেখা গৈছে । ঢোল, পেঁপা বজাই মানসক শুভেচ্ছা জনাইছে । ইফালে বাসগৃহত উপস্থিত হৈ আত্মীয় আৰু শুভাকাংক্ষীয়ে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে । বিভিন্ন সংগঠনেও মেধাৱী ছাত্ৰজনক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে । ইফালে ভৱিষ্যতে সুনাগৰিক হোৱাৰ লগতে অভিযন্তা হোৱাৰ আশা মানসৰ ।

উল্লেখ্য যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৭৫.৭৩ শতাংশ ৷ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৭.৩ শতাংশ । ইয়াৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭৪.৪ শতাংশ ৷ ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী শিক্ষাৰ্থী ৷ তাৰে ৩ লাখ ১৭ হাজাৰ ৭১৩ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷

এইবাৰ ১০ গৰাকী তৃতীয় লিংগৰ শিক্ষাৰ্থীও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ তাৰ ভিতৰত ৮ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ৩ গৰাকীয়ে প্ৰথম স্থানত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২ গৰাকী দ্বিতীয় আৰু আন তিনিগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৷

লগতে পঢ়ক :নগাঁৱৰ ৰামানুজনৰ পৰা তৃতীয় স্থান প্ৰাপক দেৱশ্ৰী কাশ্যপৰ মনৰ বতৰা - HSLC RESULT 2024

Last Updated :Apr 20, 2024, 1:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.