ৰহস্যজনক অৱস্থাত ট্ৰাকৰ ভিতৰতে মৃত্যু বহিঃৰাজ্য ব্যক্তিৰ

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 1:49 PM IST

thumbnail

মৰিয়নী, ২৬ জানুাৱাৰী : গণৰাজ্য দিৱসৰ দিনাই মৰিয়নীত চাঞ্চল্যকৰ ঘটনা ৷ ট্ৰাকৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ গাড়ীৰ খালাছী সঞ্জয় দাসৰ মৃতদেহ ৷ জানিব পৰা মতে, অন্ধ্ৰপ্ৰদেশৰ পৰা মৰিয়নী মাছ বজাৰলৈ মাছ কঢ়িয়াই অনা AP-39-V-5454 নম্বৰৰ গাড়ীৰ খালাছী আছিল সঞ্জয় দাস ৷ মৃত সঞ্জয় দাসৰ ঘৰ পশ্চিমবংগৰ কল্যাণীত বুলি জানিব পৰা গৈছে ৷

ব্যক্তিজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাাই ৷ এইয়া পৰিকল্পিত হত্যা নে সাধাৰণ মৃত্যু সেয়া মৰোণোত্তৰ পৰীক্ষা প্ৰতিবেদনৰ পিচতহে স্পষ্ট হৈ পৰিব । আনহাতে ঘটনাস্থলীত মৰিয়নী আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈকে কোনো শুং-সুত্ৰ উলিয়াব পৰা নাই ।

ইফালে উক্ত ঘটনাক কেন্দ্ৰ কৰি বহিঃৰাজ্য পৰা মৰিয়নীলৈ মাছ সৰৱৰাহ কৰা গাড়ীচালকসকলৰ মাজত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে । তাৎপৰ্যপূৰ্ণ যে ৰাজ্যবাসীয়ে উলহ মালহে ৭৫ সংখ্যক গণৰাজ্য দিৱস পালন কৰাৰ সময়তেই মৰিয়নীত সংঘটিত হোৱা উক্ত ঘটনাই মৰিয়নী নগৰত তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: নিজ গৃহতেই দুৰ্বৃত্তই হত্যা কৰিলে 81 বছৰীয়া বৃদ্ধক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.