সৰুপথাৰত কাঠফুলাৰ উৎপাদন আৰু পেকেজিঙৰ কক্ষ উদ্বোধন - Mushroom production in Sarupathar

🎬 Watch Now: Feature Video

thumbnail
সৰুপথাৰত কাঠফুলাৰ উৎপাদন আৰু পেকেজিঙৰ কক্ষ উদ্বোধন (undefined)

By ETV Bharat Assamese Team

Published : January 26, 2024 at 8:36 AM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ, ২৫ জানুৱাৰী: সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনে গোলাঘাট জিলাৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণৰ লগত সৰুপথাৰ উপজিলাৰ দক্ষিণ উন্নয়ন খণ্ডৰ অধীনৰ বাৰঘৰীয়া গাঁৱত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সামাজিক দায়বদ্ধতা বিভগৰ আৰ্থিক সাহাৰ্যত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত তথা 'কৃষ্টিৰ কঠিয়া' নামৰ বেচৰকাৰী অনুষ্ঠানটোৰ উদ্যোগত কাঠফুলাৰ উৎপাদন আৰু পেকেজিঙৰ কক্ষ উদ্বোধন কৰে ।

উদ্বোধন কাৰ্যসূচীৰ লগতে এখন সভাত অংশগ্ৰহণ কৰি আয়ুক্তগৰাকীয়ে কাঠফুলাৰ পুষ্টি তথা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰি এনে ধৰণৰ প্ৰচেষ্টায়ে মহিলাসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি মন্তব্য আগবঢ়ায় । বিধায়ক বিশ্বজিত ফুকনে স্বাৱলম্বিতাৰ এনে পদক্ষেপৰ শলাগ লয় আৰু চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ মহিলাসকলক পৰামৰ্শ আগবঢ়ায় ।

উল্লেখযোগ্য যে, বাৰঘৰীয়া গাঁৱৰ ৯০ গৰাকী মহিলাৰ গোটক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । উক্ত অনুষ্ঠানত আয়ুক্তগৰাকীৰ লগতে সৰুপথাৰ উপজিলাৰ অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাচৱীৰ ছুভানী, ধনশিৰিৰ সহকাৰী আয়ুক্ত সুতৃষ্ণা বৰদলৈ, কৃষ্টিৰ কঠিয়াৰ কাৰ্যবাহী বিষয়া বিস্মৃতা দত্ত আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা মন্ত্ৰী অশোক সিংহলৰ

ABOUT THE AUTHOR

...view details