ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা মন্ত্ৰী অশোক সিংহলৰ

Bharat Jodo Nyay Yatra : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অন্যায় যাত্ৰা ৷ যোৱা 60 বছৰে কংগ্ৰেছ চৰকাৰে ৰাইজক অন্যায় কৰাৰ বাবে আঠুকাঢ়ি ৰাইজক ক্ষমা খোজাৰ দাবী মন্ত্ৰী অশোক সিংহলৰ ৷

EBHARAT JODO NYAY YATRA
ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা মন্ত্ৰী অশোক সিংহলৰ
author img

By ETV Bharat Assamese Team

Published : January 25, 2024 at 10:34 PM IST

2 Min Read
Choose ETV Bharat
ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা আখ্যা মন্ত্ৰী অশোক সিংহলৰ

গোৱালপাৰা, 25 জানুৱাৰী : ৰাজ্যজুৰি নতুনকৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী অব্যাহত আছে ৷ বৃহস্পতিবাৰে গোৱালপাৰাত নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে নতুনকৈ ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৷ এই অনুষ্ঠানতেই কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰে মন্ত্ৰী অশোক সিংহলে ৷

আজি গোৱালপাৰা চহৰৰ শাস্ত্রীনগৰত উপস্থিত হয় অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু জলসিঞ্চন মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল । মন্ত্ৰীগৰাকীয়ে কয় যে, ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত অসম চৰকাৰে "প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা" আঁচনিখনত অসমৰ অতিৰিক্ত 40 লাখ লোকক সামৰি নতুন ৰেচন কাৰ্ড প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত অনুসৰি আজি জিলাখনৰ 1,20842 গৰাকী হিতাধিকাৰীক মুঠ 48,194 নতুনকৈ ৰেচন কাৰ্ডত প্ৰদান কৰা আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী অশোক সিংহলে ।

ইপিনে শেহতীয়াকৈ ৰাজ্যত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে অন্যায় যাত্ৰা বুলি অভিহিত কৰে ৷ যোৱা 60 বছৰে কংগ্ৰেছ চৰকাৰে ৰাইজক অন্যায় কৰাৰ বাবে আঠুকাঢ়ি ৰাইজক ক্ষমা খোজাৰ দাবী উত্থাপন কৰে মন্ত্ৰী অশোক সিংহলে ৷

মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাত উপস্থিত হৈ প্ৰথমে গোৱালপাৰা চহৰৰ শাস্ত্ৰী নগৰত আয়োজিত এক অনুষ্ঠানত 15 খন বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ পিচতে তেওঁ এই অনুষ্ঠানতে গোৱালপাৰা পূব সমষ্টিত নতুন ৰেচন কাৰ্ড প্ৰদানৰ কাম আৰম্ভ কৰে । ইয়াৰ পিচতে তেওঁ আগিয়া কালি মন্দিৰত আয়োজিত আন এক অনুষ্ঠানত গোৱালপাৰা পশ্চিম সমষ্টিৰ হিতাধিকাৰীসকলক নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । একেদৰে বিয়লিৰ ভাগত মন্ত্ৰীগৰাকীয়ে জলেশ্বৰ সমষ্টিৰ হিতাধিকাৰীসকলক নতুন ৰেচন কাৰ্ড বিতৰণ কৰাৰ কাৰ্যসূচীত অংশ লয় ৷

লগতে পঢ়ক: ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত কি ক’লে অজিত‌ কুমাৰ ভূঞা-অদীপ‌ কুমাৰ‌ ফুকনে