ETV Bharat / state

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত কি ক’লে অজিত‌ কুমাৰ ভূঞা-অদীপ‌ কুমাৰ‌ ফুকনে

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 9:39 PM IST

Bharat Jodo Nyay Yatra : অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰভাৱ ৷ পঢ়ক বিশিষ্ট সাংবাদিক অজিত‌ কুমাৰ ভূঞা আৰু অদীপ‌ কুমাৰ‌ ফুকনৰ মতামত....

Etv BharatBHARAT JODO NYAY YATRA
ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ‌ সন্দৰ্ভত কি ক’লে বিশিষ্ট সাংবাদিক অজিত‌ কুমাৰ ভূঞা আৰু অদীপ‌ কুমাৰ‌ ফুকনে

গুৱাহাটী, ২৫ জানুৱাৰী : বৃহস্পতিবাৰ অৰ্থাৎ 25 জানুৱাৰীত অসমত সামৰণি পৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা । অসমত আঠটা দিন বাস কৰাৰ পিচত ৰাহুল গান্ধীয়ে আজি অসম এৰি পশ্চিম বংগত প্ৰৱেশ কৰিছে। এই ন্যায় যাত্ৰাই অসমৰ ৰাজনৈতিক পৰিৱেশত ব্যাপক তোলপাৰ লগাইছিল ৷ এই যাত্ৰাই অসমত ৰাজনৈতিকভাৱে কিদৰে প্ৰভাৱ পেলাইছে বা ভৱিষ্যতে পেলাব পাৰে সেই সন্দৰ্ভত ইটিভি ভাৰত অসমে দুগৰাকী বিশিষ্ট সাংবাদিক অজিত‌ কুমাৰ ভূঞা আৰু অদীপ কুমাৰ ফুকনৰ মতামত গ্ৰহণ কৰে ৷

অদীপ কুমাৰ ফুকনে জনোৱা অনুসৰি, অসমৰ ৰাজনৈতিক ইতিহাসত আঠদিন থকাকৈ কেন্দ্ৰীয় ৰাজনৈতিক নেতা পূৰ্বতে অহা নাছিল । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত কংগ্ৰেছক সহায়‌ কৰিছে । আনহাতে এই যাত্ৰাই বিজেপিক ক্ষতি কৰিছে। অসমত প্ৰৱেশ ‌কৰাৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত‌‌ বিশ্ব‌ শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাহুল গান্ধীক যি ধৰণে‌ বাধা দিছে, গান্ধীৰ প্ৰতি যি আচৰণ‌ কৰিছে সেয়া অসমীয়াৰ সংস্কৃতি‌ নহয় ।‌ কাৰণ‌ অসমীয়া জাতি অতিথি পৰায়ণ।

ফুকনে লগতে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মা আচলতে অসমত অপ্ৰতিৰোধ্য নেতা হৈ আছে । তেওঁৰ অসমত কোনো ৰাজনৈতিক প্ৰতিদ্বন্দী নাই। তেনেক্ষেত্ৰত ৰাহুল গান্ধীক যাত্ৰাত বাধা দি আচলতে মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিকভাবে ক’ৰবাত ভুল‌ কৰিছে। এই বিষয়ে মুখ্যমন্ত্ৰীয়ে চিন্তা কৰি চোৱা উচিত। এটা কথা ঠিক যে অসমত ৰাহুল গান্ধীৰ যাত্ৰাই কংগ্ৰেছ দলৰ‌‌ প্ৰতি অসমৰ‌ মানুহৰ আস্থা ঘূৰি অহাত সহায় কৰিব। আনহাতে বহুত ক্ষেত্ৰত বিজেপিৰ অসমত ৰাজনৈতিক "গ্ৰাফডাল" তললৈ নমাই আনিব।

বিশিষ্ট সাংবাদিক অজিত কুমাৰ‌ ভূঞাই কয়, "ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অসমত‌ মুখ্যমন্ত্ৰী হিমন্ত‌‌ বিশ্ব‌ শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে যিধৰণে বাধা দিছে, হেঁচা প্ৰয়োগ কৰিছে। তাৰ পৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই মানুহৰ পৰা বেছি ‌সহাৰি পাইছে। এক কথাত ক'বলৈ গ'লে অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই মুখ্যমন্ত্ৰী হিমন্ত‌‌ বিশ্ব‌ শৰ্মাৰ হেঁচা আৰু বাধাৰ ফলত ভবাতকৈ বেছি ‌সফল‌ হৈছে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত‌‌ বিশ্ব‌ শৰ্মাই ভয় খাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসমলৈ আনিছে, চৰকাৰী আঁচনিৰ প্ৰলোভন আদি দিছে। এগৰাকী মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত এইবোৰ কথা শোভা নাপায় । ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত‌‌ বিশ্ব‌ শৰ্মাৰ যি অভদ্ৰ আচৰণ প্ৰকাশ‌ পাইছে মোৰ সাংবাদিক জীৱনত ইমান অভদ্ৰ আচৰণ কৰা মুখ্যমন্ত্ৰী অসমত দেখা নাছিলো ।"

লগতে পঢ়ক: খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.