মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ দিন সলনি - প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ

🎬 Watch Now: Feature Video

thumbnail
প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ দিন সলনি (undefined)

By ETV Bharat Assamese Team

Published : January 26, 2024 at 9:43 AM IST

1 Min Read
Choose ETV Bharat

জোনাই, ২৬ জানুৱাৰী : সীমান্তৱৰ্তী জোনাই মহকুমাৰ মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখনি মাৰ্চ মাহলৈ পিছুৱাই দিয়া হৈছে । ঐতিহ্যমণ্ডিত তথা গৌৰবোজ্জ্বল ইতিহাসে গৰকা মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমিতি আৰু প্ৰাক্তন শিক্ষার্থী সমাৰোহ উদযাপন সমিতিয়ে জোনাই ঙাচাৰচুক উকোমত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা সদৰী কৰে ।

উল্লেখ্য যে, ঐতিহ্যমণ্ডিত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী সমাৰোহখনি ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়াকৈ বর্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ দিন ধার্য কৰা কৰা হৈছিল । সংবাদমেলত মূৰ্কংচেলেক মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সমিতিৰ সভাপতি মহেন্দ্ৰ টায়ে, কোষাধ্যক্ষ মুকেশ কুম্বাং আৰু সাধাৰণ সম্পাদক মিন্টু পেণ্ডৱে কাৰিকৰী অসুবিধাৰ বাবে মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখনি অহা ১৬ আৰু ১৭ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে বুলি ঘোষণা কৰে ।

সীমান্তৱর্তী জোনাই মহকুমাত ১৯৮৪ চনত স্থাপন কৰা ঐতিহ্যমণ্ডিত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহখনিৰ সফল উদযাপনৰ বাবে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতি আৰু প্ৰাক্তন ছাত্ৰ সমিতিয়ে ।

লগতে পঢ়ক : তিনি মিচিং জাতীয় সংগঠনৰ নতুন সমিতি গঠন

ABOUT THE AUTHOR

...view details