ETV Bharat / state

তিনি মিচিং জাতীয় সংগঠনৰ নতুন সমিতি গঠন

Mising Organisation: তিনি মিচিং জাতীয় সংগঠনৰ নতুন সমিতি গঠন, চমকঙত টিএমপিকে, এমএমকে, টিএমএমকেৰ যৌথ অধিৱেশনৰ সামৰণি ৷ গঠন হ’ল নতুন কাৰ্যনিৰ্বাহক সমিতি ৷

Jonai News
তিনি মিচিং জাতীয় সংগঠনৰ যৌথ অধিৱেশন
author img

By ETV Bharat Assamese Team

Published : January 25, 2024 at 9:53 PM IST

2 Min Read
Choose ETV Bharat
তিনি মিচিং জাতীয় সংগঠনৰ যৌথ অধিৱেশন

জোনাই, ২৫ জানুৱাৰী: চমকং আঞ্চলিক ৰংগমঞ্চ প্ৰাংগণত বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা চমকং আঞ্চলিক টিএমপিকেৰ দ্বাদশ ত্ৰি-বাৰ্ষিক, চমকং আঞ্চলিক এমএমকেৰ সপ্তম ত্ৰি-বাৰ্ষিক আৰু চমকং আঞ্চলিক টিএমএমকেৰ ষষ্ঠ ত্ৰি-বাৰ্ষিক যৌথ অধিৱেশনখন আজি সামৰণি পৰে ।

আজি পুৱা স্বচ্ছতা অভিযান অনুষ্ঠিত হয় । পুৱা পতাকা উত্তোলন কৰে টিএমপিকেৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি নীলমণি দলে, এমএমকেৰ চমকং আঞ্চলিক সমিতিৰ সভাপতি জ্ঞান কুমাৰ পেগু, টিএমএমকেৰ চমকং আঞ্চলিক সমিতিৰ সভানেত্ৰী কল্পনা দলেই ।

স্মৃতি তৰ্পণ কৰে এমএমকেৰ জোনাই জিলা সমিতিৰ সম্পাদক সদিনন্দ পেগুৱে । অধিৱেশনৰ প্ৰতিনিধি সভাই কৰ্ণ পাচুঙক সভাপতি, ৰাহুল দলে, বিশ্ব কাৰ্দং, অজয় দলেক উপ-সভাপতি, দুলেশ্বৰ পেগুক সম্পাদক, সৰ্বেশ্বৰ পেগু, জুয়েল কাৰ্দং, জিতুল মিলি, নিখিল দলে,গুৰুদেৱ দাৱক সহকাৰী সম্পাদক, বিকাশ পেগুক শিক্ষা সম্পাদক,বিশ্বজিৎ দলেক সাংস্কৃতিক সম্পাদক, অনন্ত পেগুক ক্ৰীড়া সম্পাদক, কিৰেণ পেগুক কাৰ্য্যালয় সম্পাদক, লম্ভিত দলেক বহিঃ পৰিক্ৰমা সম্পাদক, জোনা পেগু,ৰাজেশ পেগু, ৰাকেশ কুম্বাং,ভৱেশ পেগু, জয়প্ৰকাশ চাৰহক সাংগঠনিক সম্পাদক হিচাপে লৈ চমকং আঞ্চলিক টিএমপিকেৰ কাৰ্য্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।

আনহাতে পঞ্চৱতী দলেক সভানেত্ৰী, নমিতা পেগু, অনিমা পাইতক উপ সভানেত্ৰী, বন্তি পেগুক সম্পাদিকা, সান্তা পেগু, ৰেজিয়া মিপুন, ভৱানী পেগুক সহকাৰী সম্পাদিকা, লক্ষীমণি য়াৰগিনক সাংস্কৃতিক সম্পাদিকা, দিপ্তিৰাণী পেগুক ক্ৰীড়া সম্পাদিকা, ললিতা য়াৰগিনক আলোচনী সম্পাদিকা সুশীলা চিন্তে,ৰুণু কুটুম, নমিতা মিলি, দিপ্তী পেগু, প্ৰতিমা চাৰহ, জোনমণি য়াৰগিনক সাংগঠনিক সম্পাদিকা হিচাপে লৈ টিএমএমকেৰ চমকং আঞ্চলিক সমিতিখন গঠন কৰা হয় ।

ইয়াৰোপৰি বিজয় নৰহক সভাপতি, মজিত মিলি, অনন্ত পেগু ডিম্ব বৰি,দেৱ পেগু, সঞ্জয় দলেক উপ সভাপতি, বেণুধৰ পেগুক সম্পাদক, পাপা মিপুন, মনোজ পেগু, সত্যদ্বীপ য়াৰগিন,যোগেনধৰ পেগুক সহকাৰী সম্পাদক হিচাপে লৈ এমএমকেৰ চমকং আঞ্চলিক সমিতিখন গঠন কৰা হয় ।

সাংস্কৃতিক অনুষ্ঠানত পবা গৌৰৱ মিলি, নিশা অমে, অঞ্জলী দলেই গীত পৰিৱেশন কৰে ।

লগতে পঢ়ক: জোনাইত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত