ETV Bharat / state

জোনাইত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি তুংগত

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:22 PM IST

75th Republic Day: চৌদিশে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি । ব্যতিক্ৰম নহয় ধেমাজি জিলাৰ জোনাইতো । জোনাইত প্ৰায় সম্পূৰ্ণ হৈছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি । জোনাইৰ গান্ধী খেলপথাৰত অনুষ্ঠিত হ'ব ৭৫ সংখ্যক গণৰাজ্য দিৱস ।

Preparation for the 75th Republic Day in Jonai
জোনাইত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি

জোনাইত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি

জোনাই,২৫ জানুৱাৰী: ধেমাজি জিলাৰ জোনাই মহকুমাত গণৰাজ্য দিৱস উদযাপনৰ পূৰ্ণ প্ৰস্তুতি ৷ অসম-অৰুণাচল সীমান্তৰ ধেমাজি জিলাৰ জোনাই গান্ধী ময়দানত আগন্তুক ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ৷ জোনাইৰ গান্ধী খেল পথাৰত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পেৰেড প্ৰদৰ্শনৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ।

ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত তথা জোনাই মহকুমাৰ মহকুমাধিপতিয়ে গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পৰ্কে মন্তব্য কৰি সকলোকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷ গণৰাজ্য দিৱসৰ সময়ছোৱাত মহকুমাটোত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাম-কাজ সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু জোনাই মহকুমাৰ সদৰ চহৰলৈ ওলোৱা-সোমোৱা বাট-পথসমূহত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ পৰিলক্ষিত হৈছে ৷

গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৬:৩০ বজাৰ পৰা প্ৰভাত ফেৰী, ৭.০০ বজাত নিজ নিজ বাজগৃহত জাতীয় পতাকা উত্তোলন ৭:৩০ বজাত চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান ব্যৱসায় প্ৰতিষ্ঠান আৰু অন্যান্য ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলন । পুৱা ৮:৩০ বজাত নিজ নিজ শিক্ষানুষ্ঠানসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰাৰে জোনাই গান্ধী ময়দানত সমাবেশ ৷

পুৱা ৮:৪০ বজাত সন্মানীয় মুখ্য অতিথি দ্বাৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি মাল্যাপৰ্ণ, ৯:০০ বজাত মুখ্য অতিথিৰ দ্বাৰা আনুষ্ঠানিকভাৱে জাতীয় পতাকা উত্তোলন, ভাষণ প্ৰদান, অসম আৰক্ষী স্কাউট গাইড আৰু বিভিন্ন শিক্ষা অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা কুচকাৱাজ প্ৰদৰ্শন আৰু মুখ্য অতিথিক অভিবাদন, ৯:৩০ বজাত সাংস্কৃতিক কাৰ্যসূচী, বঁটা বিতৰণ, চৰকাৰী অনুদান বিতৰণ সম্বৰ্ধনা অনুষ্ঠান ইত্যাদি । দুপৰীয়া ১২ বজাত মহকুমাধিপতি একাদশ আৰু নাগৰিক একাদশৰ মাজত প্ৰীতি-ক্ৰিকেট খেল আৰু সন্ধিয়া ৪:৩০ বজাত জাতীয় পতাকা অৱনমন ৫:০০ বজাত চৰকাৰী বেচৰকাৰী কাৰ্যালয় তথা বাসগৃহত বন্তি প্ৰজ্বলন ।

লগতে পঢ়ক: খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.