নলবাৰীত অগপৰ নিৰ্বাচনী প্ৰস্তুতি সভাত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 8:22 PM IST

thumbnail

নলবাৰী, ৮ মাৰ্চ : বৰপেটা লোকসভা সমষ্টি অগপক এৰি দিয়াৰ পিচতেই সমষ্টিটোত দলটোৱে আৰম্ভ কৰিছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ । চলাইছে নিৰ্বাচনী প্ৰস্তুতি । এই নিৰ্বাচনী প্ৰস্তুতিৰ অংশস্বৰূপে দলটোৱে শুকুৰবাৰে নলবাৰীত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত কৰে নিৰ্বাচনী প্ৰস্তুতি সভা । সভাত অংশ লৈ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত মন্তব্য । 

শনিবাৰে দলটোৰ আমবাৰীস্থিত বৰপেটা সংসদীয় সমষ্টিৰ অন্তৰ্গত জিলা সভাপতি-সম্পাদকৰ সৈতে মত বিনিময় কৰি প্ৰস্তুত কৰা হ'ব প্ৰতিবেদন । উক্ত প্ৰতিবেদনৰ ভিত্তিতেই নিৰ্বাচিত কৰা হ'ব বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী । প্ৰাৰ্থী বাচনি সন্দৰ্ভত প্ৰাৰ্থীৰ মাজত কোনো মতানৈক্য নহয় বুলিও তেওঁ উল্লেখ কৰে ।

ইফালে বিজেপিয়ে অগপক গ্ৰাস কৰিছে নেকি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই মন্তব্য কৰে যে অগপ সদায় অগপ । অগপৰ নিজস্ব পতাকা আছে । নিজস্ব প্ৰতীক আছে । ভাৰতত এতিয়া মিত্ৰতাৰ ৰাজনীতি চলিছে । উল্লেখ্য যে এই প্ৰস্তুতি সভাত বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদৰ সভাপতি-সম্পাদক আৰু বিধান পৰিষদৰ পৰা দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা-উদ্বোধনৰ বাবে অসমত প্ৰধানমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.