শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা অধিৱেশন

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 8:11 PM IST

thumbnail

মৰিগাঁও, ২৩ জানুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা অধিৱেশনৰ অন্তিম দিনটোত হৰি নামেৰে মুখৰিত হ'ল কলবাৰীৰ সমগ্ৰ অঞ্চল । জাগীৰোডৰ কলবাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ ৪৭ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু পশ্চিম আঞ্চলিক শাখাৰ সোণালী জয়ন্তী উদযাপন কৰা হয় । দেওবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত উক্ত অধিৱেশনৰ আজি অন্তিম দিনা পতাকা উত্তোলনৰ পাছতেই উলিওৱা হয় ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা ।  

শোভাযাত্ৰাত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চলটো । ইয়াৰ পাছতেই জিলা সভাপতি অতুল চন্দ্ৰ দাসৰ সভাপতিত্বত প্ৰয়াত নাৰায়ণ চন্দ্ৰ শইকীয়া সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় মুকলি সভা । প্ৰয়াত পদ্মেশ্বৰ বৰদলৈ জীৱন ভিত্তিক গ্ৰন্থ 'ব্যক্তি আৰু ব্যক্তিত্ব' উন্মোচন কৰে জিলাৰ প্ৰাক্তন সভাপতি ডাঃ পুনিৰাম পাটৰে ।

মূখ্য অতিথি হিচাপে পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই ভাষণ আগবঢ়ায় । উল্লেখ্য যে জিলাৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ বৰাই উদ্বোধন কৰা মুকলি সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই হোজাই জিলা শাখাৰ কেন্দ্ৰীয় সেনা বাহিনীৰ সংস্কৃতি শাখাৰ প্ৰাক্তন সচিব কৃষ্ণ কিংকৰ খাটনীয়াৰে ।

লগতে পঢ়ক:কোকৰাঝাৰত উত্তৰ পূৰ্বাঞ্চল মহোৎসৱ আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.