ETV Bharat / state

কোকৰাঝাৰত উত্তৰ পূৰ্বাঞ্চল মহোৎসৱ আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 7:36 PM IST

Bodofa Cultural Project
মিনি ভাৰতলৈ পৰ্যবসিত বডোফা সাংস্কৃতিক প্ৰকল্প

Bodofa Cultural Project: কোকৰাঝাৰত ১৩ ৰাজ্যৰ সাংস্কৃতিক দলৰ সমাগমেৰে উখল মাখল বডোফা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰ ৷ মিনি ভাৰতলৈ পৰ্যবসিত বডোফা সাংস্কৃতিক প্ৰকল্প ৷ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে এই মহোৎসৱ ।

মিনি ভাৰতলৈ পৰ্যবসিত বডোফা সাংস্কৃতিক প্ৰকল্প

কোকৰাঝাৰ, ২৩ জানুৱাৰী : অনৈক্য মাজত ঐক্য, এক ভাৰত, শ্ৰেষ্ঠ ভাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কোকৰাঝাৰত মঙলবাৰৰ পৰা আৰম্ভ হৈছে উত্তৰ -পূৰ্বাঞ্চল মহোৎসৱ ৷ উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰম্পৰাগত জনগোষ্ঠীয় সাংস্কৃতিক দলৰ সমাগমৰে উখল মাখল হৈ পৰিছে কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰ ৷ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰৰ বড়োফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই উত্তৰ-পূৰ্বাঞ্চলৰ মহোৎসৱ ৷

কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত, বিটিআৰৰ সৌজন্যত আৰু সদৌ বড়ো সাংস্কৃতিক সন্থাৰ সহযোগত অনুষ্ঠিত উত্তৰ -পূৰ্বাঞ্চল মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ উপৰি জম্মু কাশ্মীৰ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাটৰ, ওড়িসাসহ দেশৰ ১৩ ৰাজ্যৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অদা সাংস্কৃতিক গোষ্ঠীয়ে নিজৰ নিজৰ পৰম্পৰাগত কলা-সংস্কৃতি প্ৰদৰ্শন কৰি বডোফা সাংস্কৃতিক কেন্দ্ৰত ৰঙীণ কৰি তুলিছে ।

আজি উত্তৰ পূৰ্বাঞ্চল মহোৎসৱত মণিপুৰৰ লাই হাৰবা, নাগালেণ্ডৰ আও হাৰ্ডেঞ্চ, মেঘালয়ৰ ওৱাংগালা, ত্ৰিপুৰাৰ মমিতা, মিজোৰামৰ চেৰো, ছিকিমৰ চিংহিচাম-ইয়াকছা, জম্মু কাশ্মীৰৰ ৰৌফ, হাৰিয়ানাৰ ফাগ, গুজৰাটৰ ছিদ্ধি ধামাল, মধ্যপ্ৰদেশৰ বাধাই, সম্বলপুৰী আদি নৃত্য প্ৰদৰ্শন কৰা হয় আৰু উক্ত মনোমোহা নৃত্যৰ প্ৰদৰ্শনত সকলোৱে আপ্লুত হৈ পৰে । আনহাতে, বড়ো সাংস্কৃতিক দলে প্ৰদৰ্শন কৰা নৃত্য উচ্চ প্ৰশংসিত হয় ।

ইপিনে, উত্তৰ পূৰ্বাঞ্চল মহোৎসৱৰ সতে সংগতি ৰাখি উৎসৱথলীত স্থাপন কৰা থলুৱা খাদ্য প্ৰদৰ্শনী আৰু লোক শিল্পৰ বিপনী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জিহাৰীয়ে ৷ তদুপৰি থলুৱা খেলৰ উদ্বোধন কৰে বিটিআৰৰ সচিব দীথকানন্দ হাজৰিকাই ৷ লোক সংগম কাৰ্যসূচীৰ উদ্বোধন কৰে বিটিআৰৰ যুটীয়া সচিব পামী ব্ৰহ্মই ৷ আবেলি ৫ বজাৰ পৰা ‘কালাৰ্ছ বড়োলেণ্ড আৰু কালাৰ্চ ইণ্ডিয়া’ৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ ৰৗণগৗৰা নাৰ্জাৰীয়ে ৷

লগতে পঢ়ক:ভূপেন বৰাক আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.