১০ সহস্ৰাধিক বন্তিৰে "জয় শ্ৰীৰাম" আৰ্হিত বন্তি প্ৰজ্বলন মহামৃত্যুঞ্জয় মন্দিৰত

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:52 PM IST

thumbnail

চামগুৰি, 22 জানুৱাৰী : পাচঁশ বছৰীয়া অপক্ষাৰ যেন অন্ত পৰিল । মধ্যাহ্ন বেলা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অয্যোধাৰ ৰাম মন্দিৰত শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা যেন দুগুণে আনন্দ-উল্লাস বৃদ্ধি পাইছে দেশৰ লগতে সমগ্ৰ বিশ্বৰ ৰামভক্তসকলৰ মাজত । আজিৰ দিনটোত দেশজুৰি আৱতৰীয়া দেৱালীৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৷

দেশৰ লগতে ৰাজ্যতো অনুৰূপ পৰিৱেশে বিৰাজ কৰিছে ৷ নগাঁও জিলাৰ পুৰণিগুদামৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাংগণো জিলিকি উঠিছে বন্তি প্ৰজ্বলেনেৰে । অয্যোধাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিশেষ দিনটোত মহামৃত্যুঞ্জয় মন্দিৰত পুৱা অভিষেককে ধৰি বিভিন্ন বৈদিক নীতি-নিয়ম পালন কৰাৰ পিচত মন্দিৰ কৰ্তৃপক্ষই সন্ধিয়াৰ ভাগত মন্দিৰ প্ৰাংগণত প্ৰজ্বলন কৰে প্ৰায় ১০ সহস্ৰাধিক বন্তি । "জয় শ্ৰীৰাম" আৰ্হিত প্ৰজ্বলন কৰা বন্তিসমূহে যেন দ্বিতীয় অয্যোধাত পৰিণত কৰে মহামৃত্যুঞ্জয় মন্দিৰক ।

লগতে পঢ়ক : গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত শ্ৰীৰামলৈ সেৱা জনালে অজন্তা নেওগে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.