ঝাড়ু এৰি পদুমক আঁকোৱালি ল’লে কুৰিজনৰো অধিক আপ কৰ্মীয়ে

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 10:39 AM IST

thumbnail

গুৱাহাটী, 1 মাৰ্চ: লোকসভা নিৰ্বাচনৰ পূৰ্বে মৰিগাঁও বিধানসভা সমষ্টিত আম আদমী পাৰ্টীৰ খহনীয়া । মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীৰ নেতৃত্বত বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে কুৰিজনৰো অধিক আপকৰ্মীয়ে । 10 নং নগাঁও লোকসভা সমষ্টিত তৃণমূল সংখ্যালঘূ লোকসকল বিজেপিৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে বুলি যোগদান কাৰ্যসূচীত উপস্থিত থাকি মন্তব্য আগবঢ়ায় মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।

মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত বিধায়কগৰাকীৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি প্ৰবীণ মেধি, সম্পাদক নিৰ্মল কোঁৱৰ উপস্থিত থাকি যোগদানকাৰীসকলক আদৰণি জনায় ।

আনহাতে, নগাঁও লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰক্ষেপ কৰিবলৈ কেন্দ্ৰীয় নেতৃত্বক আহ্বান জনায় মৰিগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে । 

লগতে পঢ়ক: লোকসভা নিৰ্বাচনত আসন বুজাবুজিক লৈ নৰম হৈছে আপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.