তেজপুৰত মুখ্যমন্ত্ৰীৰ ওপজা দিন উদযাপন বিধায়ক পৃথ্বীৰাজ ৰাভাৰ

By ETV Bharat Assamese Team

Published : Feb 1, 2024, 10:25 PM IST

thumbnail

তেজপুৰ, 1 ফেব্ৰুৱাৰী: আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন ৷ বৃহস্পতিবাৰ তথা 1 ফেব্ৰুৱাৰীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো ৰাজহুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন কৰা হয় । তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা লগতে অগপ বিজেপিৰ নেতা-কৰ্মীয়ে লগ হৈ একেলগে উদযাপন কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ওপজা দিন । 

তেজপুৰ সদৰ থানাৰ সন্মুখত 20 ফুট উচ্চতাৰ বেনাৰ লগাই কেক কাটি কণ কণ শিশুক কেক খুৱালে বিধায়ক পৃথ্বিৰাজ ৰাভাই ৷ লগতে তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰে ৷ লগতে তেজপুৰ চহৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত স্থানীয় লোক আৰু শিশুসকলে চাকি জ্বলাই মুখ্যমন্ত্ৰীৰ বাবে প্ৰাৰ্থনা জনায় । 

প্ৰথমবাৰৰ বাবে তেজপুৰত দুটা ভিন্ন ঠাইত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ জন্মদিন এনেদৰে স্থানীয় লোকে ৰাজহুৱাকৈ পালন কৰা দেখা গৈছে ৷

লগতে পঢ়ক: ৰংঘৰৰ ৰং চৰাবলৈ ভূমিপূজন; মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিল অখিল গগৈও

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.