মুখ্যমন্ত্ৰীক আদৰিবলৈ উদুলি মুদুলি ৰজাপুখুৰী শ্যাম গাঁও

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 7:17 PM IST

thumbnail

সৰুপথাৰ, 9 ফেব্ৰুৱাৰী : সৰুপথাৰলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ১২ ফেব্ৰুৱাৰী সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ‘গাঁও চ’ল’ অভিযানৰ উদ্দেশ্যে সৰুপথাৰ সমষ্টিৰ ৰজাপুখুৰী শ্যাম গাঁৱত এটি নিশা কটাব । যাৰ বাবে এতিয়া শ্যাম গাঁৱত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে ।

গাঁওখনৰ বাট-পথ সকলো বিলাক জিলিকাই তুলিবলৈ সকলোৱে সমজুৱাকৈ কামত নামিছে । গাঁওখনৰ পুৰুষ-মহিলা সকলোৱে উক্ত দিনটোৰ বাবে অধীৰ আগ্ৰহে বাট চাই আছে । ইতিমধ্যে ৰজাপুখুৰী শ্যাম গাঁৱত বিভিন্ন চৰকাৰী বিষয়া, গোলাঘাট জিলাৰ আৰক্ষী প্ৰশাসন, বিজেপিৰ কৰ্মীকে ধৰি গাঁওবাসীয়ে ১২ ফেব্ৰুৱাৰী দিনটোৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ।

মুখ্যমন্ত্ৰী গৰাকীয়ে ১২ ফেব্ৰুৱাৰী আৰু ১৩ ফেব্ৰুৱাৰীৰ দিনটোৰ বিভিন্ন কাৰ্যসূচীক লৈ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে শুকুৰবাৰে বিয়লি এখন সংবাদমেল সম্বোধন কৰে ।

লগতে পঢ়ক : গোলাঘাটত জিলা কংগ্ৰেছৰ ক’লা দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.