ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কোনো ফেক্টৰেই নহয় বিজেপিৰ বাবে; বিধায়ক বিনোদ হাজৰিকা

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 6:57 AM IST

thumbnail

মৰাণ, 24 জানুৱাৰী: বিজেপিৰ বাবে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কোনো ফেক্টৰেই নহয় বুলি ক’লে বিজেপি বিধায়ক বিনোদ হাজৰিকাই ৷ সমগ্ৰ দেশজুৰি ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমতো ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ভাৰত জোড়ো ন্যায় যাত্ৰা ৰূপায়ণ কৰিছে । অসমত প্ৰৱেশ কৰাৰ পিচতে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল এই যাত্ৰা । 

অৱশ্যে শাসক দলৰ সমালোচনা-বাধাৰ পাছতো অসমত ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে । মঙলবাৰে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা সন্দৰ্ভত লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লাহোৱালত বিধায়কগৰাকীয়ে ন্যায় যাত্ৰাক তীব্ৰ সমালোচনা কৰি কয়, " কিহৰ ন্যায় লাগে ৰাহুল গান্ধীক ? ন্যায় লাগে যদি ইউপি, বিহাৰলৈ যাওক, তাত অসমতকৈ লোকসভাৰ আসন বেছি । অসমত বিজেপিয়ে 12 খন আসন লাভ কৰিব । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা কোনো ফেক্টৰেই নহয় বিজেপিৰ বাবে ।"

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, জনাই দিলে ডি জি পিয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.