ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাহুল গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ, জনাই দিলে ডি জি পিয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 23, 2024, 7:13 PM IST

Updated : Jan 23, 2024, 10:03 PM IST

FIR Against Rahul Gandhi
ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু

FIR Against Rahul Gandhi: গোচৰ ৰুজু কৰা হৈছে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৷ আৰক্ষীক প্ৰহাৰ কৰিবলৈ ৰাহুল গান্ধীয়ে উচটনি দিয়াৰ অভিযোগ মুখ্যমন্ত্ৰীৰ ৷ বল প্ৰয়োগ কৰি পথ সলনি কৰাৰ চেষ্টাকে ধৰি অৰাজকতা সৃষ্টিৰো অভিযোগ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু

গুৱাহাটী, ২৩ জানু্ৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত গুৱাহাটীত সন্মুখ সমৰত কংগ্ৰেছ নেতা-কৰ্মী বনাম অসম আৰক্ষী ৷ এই প্ৰসংগত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়াৰ লগেলগে ৰণক্ষেত্ৰত জঁপিয়াই পৰিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনাই আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ক’লে- আইন অনুসৰি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ খানাপাৰাৰ উত্তপ্ত পৰিস্থিতিৰ পিচতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে তেওঁ ইতিমধ্যেই আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ৷

আৰক্ষীক প্ৰহাৰ কৰিবলৈ ৰাহুল গান্ধীয়ে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম X ত লিখিছিল- “এইসমূহ অসমীয়া সংস্কৃতিৰ অন্তৰ্গত নহয় । আমি এখন শান্তিপূৰ্ণ ৰাজ্য । এনে ‘নক্সালীয় কৌশল’ আমাৰ সংস্কৃতিৰ বাবে সম্পূৰ্ণৰূপে বহিৰাগত ৷ মই অসম আৰক্ষীৰ DGPক আপোনালোকৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছো । ৰাহুল গান্ধীয়ে সমৰ্থকক প্ৰৰোচিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নিৰ্দেশ প্ৰদান কৰিছো ৷”

হিমন্ত বিশ্ব শৰ্মাৰ এই পোষ্টৰ পিচতে তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীক X-ত উত্তৰ দি সহাৰি জনালে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ মুখ্যমন্ত্ৰীৰ X-ৰ মন্তব্যৰ প্ৰতি সহাৰি জনাই ডিজিপি সিঙে ক’লে “ছাৰ আইন অনুসৰি পদক্ষেপ গ্ৰহণ কৰা হৈছে । বল প্ৰয়োগ কৰি পথ সলনি কৰাৰ চেষ্টাকে ধৰি অৰাজকতা আৰু প্ৰশাসনৰ আগতীয়া সুৰক্ষা সংসূচনা সিদ্ধান্তৰ উলংঘাৰ ক্ষেত্ৰতো উপযুক্ত সংস্থাৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ তাৎমুহূৰ্তিক ব্যৱস্থা গ্ৰহণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ মন কৰিবলগীয়া যে আজি গোলাঘাটত ব্যস্ত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ ওচৰত স্পষ্টকৈ কয় যে ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ জাৰি কৰা হ’ব ৷ লোকসভা নিৰ্বাচনৰ পিচতেই ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰা হ’ব ৷

লগতে পঢ়ক: "উত্তৰ-পূৰ্বাঞ্চল আৰু ভাৰতৰ শিক্ষাৰ্থীসকলক দাস কৰাৰ প্ৰচেষ্টা কৰা হৈছে": ৰাহুল গান্ধী

Last Updated :Jan 23, 2024, 10:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.