বদৰুদ্দিন আজমলে মহিলা সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ প্ৰতিক্ৰিয়া ভৱেশ কলিতাৰ

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:09 PM IST

thumbnail

ৰঙিয়া, 25 জানুৱাৰী : দুদিনৰ পূৰ্বে অসমৰ সাংসদ বদৰুদ্দিন আজমলে মুছলমান মহিলাসকলক লৈ এটা মন্তব্য কৰিছিল ৷ তেওঁ কৈছিল, মুছলমান মহিলা লাগিলে আই এ এছ, আই পি এছ, ডক্টৰ যিয়েই নহওক কিয় সকলোৱে হিজাব পৰিধান কৰিব লাগে ৷ মুছলমান মহিলাই চুলি দেখুৱাব নালাগে, চুলি দেখুওৱা মহিলা চয়তান ! আজমলৰ এই মন্তব্যৰ পিচতে ক্ষোভত ফাটি পৰিছে মহিলাসকল ৷ মুছলমানৰ ঠিকাদাৰ নহয় বুলি আজমলক কটাক্ষ কৰিছে বহুত মুছলমান মহিলাই ৷

এতিয়া অসমৰ সাংসদ বদৰুদ্দিন আজমলে মহিলাসকলৰ বিষয়ে কৰা বিৰূপ মন্তব্য সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কয় যে তেওঁ এগৰাকী জনপ্ৰতিনিধি আৰু এগৰাকী জনপ্ৰতিনিধিৰ মুখত এনেধৰণৰ মন্তব্যই শোভা নাপায় । বদৰুদ্দিন আজমল যি দলৰেই সদস্য নহওক কিয় তেওঁ এনেদৰে মন্তব্য কৰাটো অনুচিত । মহিলাসকলক পূজনীয় বুলি আখ্যা দি বিধায়ক গৰাকীয়ে বদৰুদ্দিন আজমলক আগলৈ সংযত হৈ কথা ক’বলৈ আহ্বান জনায় ।

ইয়াৰ লগতে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভৱনা আছে বুলি কয় বিজেপি নেতাগৰাকীয়ে ।

লগতে পঢ়ক : প্ৰহসনত পৰিণত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন‍্যায় যাত্ৰা : ভৱেশ কলিতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.