প্ৰহসনত পৰিণত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন‍্যায় যাত্ৰা : ভৱেশ কলিতা

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 1:27 PM IST

thumbnail

ৰঙিয়া, ২৫ জানুৱাৰী : "ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন‍্যায় যাত্ৰা প্ৰহসনত পৰিণত হৈছে । ন‍্যায় যাত্ৰা এতিয়া অন‍্যায় যাত্ৰা আৰু মিঞা যাত্ৰালৈ পৰিণত হৈছে ।" এই মন্তব্য ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ । সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে মন্তব্য কৰি বিজেপিৰ ৰাজ‍্যিক সভাপতিগৰাকীয়ে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাক তীব্ৰ সমালোচনা কৰে ।

ৰঙিয়াৰ ডিমু ডোবকত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰঙিয়াৰ বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছৰ যাত্ৰা উজনি অসমৰ লগতে মধ্য অসমত সম্পূৰ্ণ বিফল হৈছে । তেওঁ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে ভাৰতবৰ্ষক কংগ্ৰেছেই দ্বিখণ্ডিত কৰিছিল । এতিয়া তেওঁলোকে ভাৰতীয়সকলৰ আৱেগৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিলে কোনো লাভ নহ'ব বুলি ভৱেশ কলিতাই দাবী কৰে ।

আনহাতে, এই যাত্ৰাৰ সময়ত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ বিষয়েও বিধায়কগৰাকীয়ে কয় যে আইন তথা প্ৰশাসনে নিজৰ কাম কৰিব । এই বিষয়ে সকলোৱে কোনেও একো কৰিব নোৱাৰে । লগতে অনাগত নিৰ্বাচনত কংগ্ৰেছৰ আসন শূণ্য হৈ পৰাৰ লগতে বিজেপিয়ে বহুমত লাভ কৰিব বুলিও দৃঢ়তা প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :৪ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ ৰাজ্যিক বিজেপিৰ গাঁও চলো অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.