দুই গগৈ এইবাৰ জয়ী হোৱাটো নিশ্চিত: অখিল গগৈৰ দাবী - Lok Sabha elections 2024

🎬 Watch Now: Feature Video

thumbnail
বিধায়ক অখিল গগৈ (undefined)

By ETV Bharat Assamese Team

Published : April 7, 2024 at 7:41 PM IST

1 Min Read
Choose ETV Bharat

মৰাণ, ৭ এপ্ৰিল :"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যি কৰিলেও দুই গগৈ এইবাৰ জয়ী হোৱাটো নিশ্চিত । যোৰহাটত গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈক আমি জয় কৰামেই ।" এই মন্তব্য় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ । আজি বিধায়কগৰাকীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ এখন প্ৰচাৰ সভাত এইদৰে দাবী কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।

দেওবাৰে মৰাণত লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলাবলৈ আহি পুনৰ বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ বিধায়ক অখিল গগৈয়ে কয়, "লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে বহুত ভয় খাইছে । বিজেপিয়ে ভয় খাই গাঁৱে গাঁৱে ভুৱা অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে । মুখ্যমন্ত্ৰীয়ে কৈছে ১৪খন আসনত জয়লাভ কৰিব, কিন্তু ইলেকচনৰ আগত দুই নম্বৰী ফৰ্ম বিতৰণ কৰিব লগা হৈছে ।"

ইপিনে,আজি বিৰোধী ঐক্যমঞ্চৰ প্ৰচাৰ সভা অনুষ্ঠিত হ'বলগা তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত সভা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে অনুমতি প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ এটাই চিন্তা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব : ভূপেন বৰা - Lok Sabha Election 2024