বিশাখাপট্টনমত সন্ধানহীন মেৰাপানীৰ যুৱক

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 5:03 PM IST

thumbnail

মেৰাপানী,৯ ফেব্ৰুৱাৰী: নিজ তথা পৰিয়ালৰ পেটৰ তাড়নাত কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱাৰ পথত সন্ধানহীন মেৰাপানীৰ দীপক বৰা নামৰ যুৱকজনৰ । যোৱা দেওবাৰে নিজগৃহ মেৰাপানীৰ পৰা কেৰেলা অভিমুখে ৰাওনা হৈছিল দীপক বৰা । কিন্তু বিশাখাপট্টনম পোৱাৰ সময়তে সন্ধানহীন হয় যুৱকজন । যুৱকজনৰ সন্ধানহীন হোৱাৰ খবৰ পায় শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ । মেৰাপানীৰ ইন্দপুৰৰ দীপক বৰা নামৰ যুৱকজনে যোৱা লগৰীয়াৰ সৈতে দেওবাৰে ৰে'লযোগে কেৰেলা অভিমুখে গৈ থকা অৱস্থাত বিশাখাপট্টনম ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন ।  

ইফালে পৰিয়ালৰ লোকে দীপক বৰাৰ সৈতে যোৱা যুৱক কেইজনৰ সৈতে যোগাযোগ কৰিছে যদিও কোনোধৰণৰ শুংসুত্ৰ লাভ কৰা নাই পৰিয়ালটোৱে । উক্ত ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকে ইতিমধ্যে আৰক্ষীক অৱগত কৰাৰ লগতে যদি কোনো ব্যক্তিয়ে উক্ত ব্যক্তি দীপক বৰা নামৰ যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে । যোগাযোগ নম্বৰ 93656 53282 । উল্লেখ্য দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে বহিঃৰাজ্যলৈ কৰ্ম-সংস্থাপন বিচাৰি যোৱা অসমৰ যুৱক যুৱতীৰ সংখ্যা । 

লগতে পঢ়ক: আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত ছিণ্ডিকেট ! আলফা শিবিৰৰ পৰা দাবী মানসৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.