মিচিং যুৱ মহোৎসৱক লৈ কাৰেং চাপৰিত উখল-মাখল পৰিৱেশ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 3:37 PM IST

thumbnail

ধেমাজি, 27 জানুৱাৰী : সামগত মিচিং যুৱ মহোৎসৱ ৷ মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন টি এম পি কেৰ উদ্যোগত অহা 1-4 ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত হ’ব নৱম মিচিং যুৱ মহোৎসৱ ৷ বৰলুইতৰ উত্তৰপাৰৰ বগীবিল দলঙৰ সমীপৰ কাৰেং চাপৰিত অনুষ্ঠিত হ’ব মিচিং যুৱ সমাৰোহখনি ৷

ইয়াকে লৈ বগীবিল দলঙৰ পাৰৰ কাৰেং চাপৰিত যুদ্ধকালীন তৎপৰতাৰে চলিছে প্ৰস্তুতি ৷ পূৰ্ণগতিত চলি আছে মঞ্চ, গ্ৰন্থমেলা, বাণিজ্য মেলা, খাদ্য মেলা, মিচিং জনগোষ্ঠীয় চাংঘৰৰ নিৰ্মাণ কাৰ্য ৷ প্ৰতিদিনে লাখ লাখ লোক সমৱেত হোৱাৰ লগতে 10 হাজাৰ প্ৰতিনিধিয়ে সমাৰোহত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাই ৷

৩ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, 4 ফেব্ৰুৱাৰীত অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু উপস্থিত থাকিব বুলি উদ্যোক্তা তথা টি এম পি কেৰ সাধাৰণ সম্পাদক চান পাংগিং আৰু সভাপতি তিলক দলেই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :চৰ্চাত থকা কংগ্ৰেছৰ কেবাজনো নেতাই লোকসভাত টিকট পোৱাটো নিশ্চিত : ভূপেন বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.