চৰ্চাত থকা কংগ্ৰেছৰ কেবাজনো নেতাই লোকসভাত টিকট পোৱাটো নিশ্চিত : ভূপেন বৰা
Upcoming election : প্ৰাৰ্থিত্বৰ বাবে আবেদন নকৰিলেও বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক নেতৃত্বই প্ৰাৰ্থিত্ব দিলে কোনেও বিৰোধিতা নকৰে । আসন বুজাবুজি চূড়ান্ত নহ’লেও চৰ্চালৈ আহিছে বিৰোধী ঐক্য মঞ্চৰ এখন প্ৰাৰ্থী তালিকা । ২০২৬ লৈ বিৰোধী ঐক্য মঞ্চৰ সম্পৰ্ক অটুট ৰখাত গুৰুত্ব ৰাহুল গান্ধীৰ ।

Published : January 27, 2024 at 2:30 PM IST
গুৱাহাটী, ২৭ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী ঐক্য মঞ্চ । কংগ্ৰেছৰ নেতৃত্বত ১৪ টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ বিৰোধী ঐক্য মঞ্চ গঠন কৰি নিৰ্বাচনী কুচ-কাবাজ আৰম্ভ কৰিছে যদিও এতিয়াও আসন বুজাবুজি হোৱা নাই । প্ৰতিটো দলেই নিজাকৈ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে ।
বিজেপিক প্ৰতিহত কৰাৰ একমাত্ৰ উদ্দেশ্যৰে বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হৈছে । কংগ্ৰেছকে ধৰি ১৫ টা ৰাজনৈতিক দলৰ মাজত আসন ভাগ-বাটৰোৱা হোৱা নাই যদিও চৰ্চালৈ আহিছে বিভিন্ন নেতাৰ নাম । ইয়াৰ মাজতে শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া ।
তেওঁ কয় যে ওৱান টু ওৱান প্ৰাৰ্থীৰ নাম ক'ব পৰা পৰ্যায় এতিয়াও অহা নাই যদিও চৰ্চাত থকা কেইবাজনো কংগ্ৰেছ নেতাই প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত । অৱশ্যে তেওঁ কাৰো নাম স্পষ্টভাৱে উল্লেখ কৰা নাই । কিন্তু তেওঁ লগতে কয় যে প্ৰাৰ্থিত্বৰ বাবে আবেদন নকৰিলেও বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক নেতৃত্বই প্ৰাৰ্থিত্ব দিলে কোনেই বিৰোধিতা নকৰে ।
ইফালে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে গহপুৰত বিৰোধী ঐক্য মঞ্চৰে বৈঠকত মিলিত হোৱা সন্দৰ্ভত তেওঁ কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে গহপুৰত অসমত গঠন হোৱা বিৰোধী ঐক্য মঞ্চৰ ১৪ টা দলৰ নেতৃত্বৰে প্ৰায় ডেৰ ঘণ্টা আলোচনাত মিলিত হৈছিল । প্ৰতিগৰাকী নেতাৰ কথা শুনাৰ পাচত ৰাহুল গান্ধীয়ে বিৰোধীৰ এই সম্পৰ্ক ২০২৬ লৈ বৰ্তাই ৰখাত গুৰুত্ব দিয়াৰ কথা কৈছিল ।
ৰাহুল গান্ধীৰ নিৰ্দেশ মৰ্মে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ সকলো জিলালৈ জাননী জাৰি কৰা হ'ব বুলি সদৰী কৰি তেওঁ কয় যে জিলা ভিত্তিত আৰু ব্লক ভিত্তিত সেই সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে সমন্বয়ক সমিতি গঠন কৰা হ'ব । ঐক্য মঞ্চৰে হোৱা আলোচনাত ৰাহুল গান্ধীয়ে ইয়াৰ প্ৰস্তাৱ দিছিল । এই মিত্ৰতা ২০২৬ ৰ বাবে ৰখাৰ প্ৰস্তাৱ দিছিল ৰাহুল গান্ধীয়ে আৰু সকলোৱে ইয়াৰ আদৰণি জনাইছিল । সকলোৱে যাতে ঐক্যবদ্ধভাৱে ২০২৬ৰ বাবে সাজু হ'ব পাৰে, তাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় ।
তেওঁ লগতে কয় যে আসনৰ প্ৰসংগত ঐক্য মঞ্চৰ চাৰিটা আঞ্চলিক দলৰ লগত আলোচনা কৰা হ'ব । ৰাষ্ট্ৰীয় দলসমূহৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বই ল'ব । ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা সদভাৱৰ ওপৰত ৰাজ্যিক পৰ্যায়ত সিদ্ধান্ত লোৱা হ'ব । আঞ্চলিক দলৰ ক্ষেত্ৰত ইয়াতে সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ কয় । আনহাতে, ৰাষ্ট্ৰীয় দলসমূহে দিয়া তালিকা কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ।
লগতে পঢ়ক : সোণাৰি পৌৰসভাৰ কৰ সংগ্ৰাহক বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ

