এইবাৰ বিজেপিক সংখ্যালঘু লোকেও ভোট দিব: দিলীপ শইকীয়া - Lok Sabha Election 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 7:29 PM IST

thumbnail

বাক্সা,২০ এপ্ৰিল: "সংখ্যালঘু লোকেও এইবাৰ বিজেপিক ভোট দিব । কংগ্ৰেছ আৰু বিপিএফৰ দুষ্কাৰ্য ৰাইজে বুজি পাইছে বাবে বিজেপিক ভোট দিব ।" এই মন্তব্য এনডিএৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ । শনিবাৰে বাক্সা জিলাৰ বাগানপাৰাত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে সংখ্যালঘু, সংখ্যাগুৰু সকলোৱেই এইবাৰ ভোট দিব বিজেপি তথা এনডিএক ।  

বাগানপাৰা অঞ্চলটো প্ৰথমবাৰৰ বাবে দৰং-ওদালগুৰি সমষ্টিত অন্তৰ্ভুক্ত হৈছে বাবে অন্য অঞ্চলতকৈ এই অঞ্চলৰ লোকৰ উৎসাহ বেছি । সেয়েহে এই অঞ্চলৰ বেছিভাগ লোকেই বিজেপিৰ মিত্ৰদলকে ভোট দিব বুলি মন্তব্য কৰে সাংসদ তথা এনডিএৰ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই । বাগানপাৰাত নিৰ্বাচনী প্ৰচাৰ সভাত অগণন লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । 

লগতে পঢ়ক: বিজেপি মিত্ৰজোঁটৰ তিনি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি অসমলৈ জেপি নাড্ডা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.