অহাবাৰ 35 দিনৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল : শিক্ষামন্ত্ৰী - Assam HSLC Result 2024

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 8:43 PM IST

thumbnail
()

ধেমাজি, 20 এপ্ৰিল : 2025 বৰ্ষৰ পৰা 35 দিনৰ ভিতৰত ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ পৰীক্ষা অনুষ্ঠিত হোৱা 35 দিনৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল ৷ শনিবাৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে এই কথা ৷ 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই তথ্য সদৰী কৰে মন্ত্ৰীজনে ৷  

তেওঁ কয় যে, পূৰ্বে দিয়া ইংগিত মতেই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে ৷ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্পূৰ্ণ 45 দিনৰ ভিতৰতে ফলাফল ঘোষণা কৰা হৈছে ৷ অহাবছৰ এই সময় আৰু দহ দিন হ্ৰাস কৰা হ’ব বুলি কয় মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ লগতে এইবাৰৰ ফলাফল খুব আশাব্যঞ্জক বুলিও প্ৰকাশ কৰে তেওঁ ৷  

মন্ত্ৰীগৰাকীয়ে কয় যে, জীৱনটো এটা নিৰৱচ্ছিন্ন সংগ্ৰাম ৷ এই নিৰৱচ্ছিন্ন সংগ্ৰামটোত সকলোৱে লাগি থাকিব লাগে ৷ কোনো এটা পৰীক্ষাৰ ফলাফলক লৈ কোনো অত্যুৎসাহী হ’ব নালাগে আৰু এটা পৰীক্ষাৰ ফলাফলক লৈ হতাশো হ’ব নালাগে বুলি শিক্ষাৰ্থী সকলক আহ্বান জনালে মন্ত্ৰী ডাঃ পেগুৱে ৷ 

লগতে পঢ়ক : ঘোষণা হ’ল মেট্ৰিকৰ ফলাফল, শীৰ্ষত যোৰহাটৰ অনুৰাগ দলৈ - HSLC Result 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.