মাওবাদী ষ্টাইলেৰে ৰাহুল গান্ধী-ভূপেন বৰাই কৰিছে ন্যায় যাত্ৰা: পীযুষ হাজৰীকা

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 10:50 PM IST

thumbnail

চতিয়া, ২৪ জানুৱাৰী : ‘‘মাওবাদী ষ্টাইলেৰে ৰাহুল গান্ধী আৰু ভূপেন বৰাই কৰিছে ন্যায় যাত্ৰা ৷ বেৰিকেড ভাঙি আৰু আৰক্ষীক মাৰপিট কৰি কৰা এই ন্যায় যাত্ৰা আচলতে মাওবাদীয়ে কৰা ন্যায় যাত্ৰাৰ নিচিনাই ৷’’ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

বুধবাৰে জামুগুৰিহাটৰ ব’হাগী মেলা বাকৰিত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে নদুৱাৰ সমষ্টিৰ ৩০৩৭ খন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে উপস্থিত হাজাৰ হাজাৰ মহিলাক অৱগত কৰোৱাৰ লগতে ৰেচন কাৰ্ডখনৰ পৰা লাভ কৰিবলগীয়া সুবিধাসমূহৰ সন্দৰ্ভতো মহিলাসকলক অৱগত কৰোৱায় ৷

অনুষ্ঠানটোত সাংসদ পল্লৱ লোচন দাস, বিধায়ক পদ্ম হাজৰিকা, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভালেকেইগৰাকী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক: ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক ফ্লপ শ্ব’ আখ্যা পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.