দিল্লীৰ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মন্ত্ৰী যোগেন মহনৰ - arvind kejriwal arrested

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 9:56 AM IST

thumbnail

মৰাণ, ২৩ মাৰ্চ : আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ‍্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰা পাচতেই দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমি পাৰ্টীৰ নেতা-কৰ্মীসকলে । আপে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা বিষয়টোৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে।

কিন্তু ইয়াৰ মাজতে শুকুৰবাৰে নিশা মৰাণত উপস্থিত হোৱা কেবিনেট মন্ত্ৰী যোগেন মহনে দিল্লীৰ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ হোৱা ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে । মন্ত্ৰী মহনে এই প্ৰসংগত কয়, "এগৰাকী মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সকলো তথ্য লাগিব । ইডিয়ে সকলো তথ্য প্ৰমাণ লাভ কৰিছে আৰু সেয়েহে দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আম আদমি পাৰ্টীৰ কৰ্মীসকলে প্ৰতিবাদ কৰিলেও আইনে সকলো বিচাৰ কৰিব ।"

উল্লেখ্য যে, কেজৰিৱালক দিল্লীৰ আৱকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে ইডিয়ে । ইডিয়ে জাৰি কৰা ৯ খন চমন দিল্লীৰ মুখ‍্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপেক্ষা কৰাৰ সমান্তৰালকৈ দিল্লী উচ্চ ন‍্যায়লয়ত তেওঁৰ বিৰুদ্ধে যাতে কঠোৰ ব‍্যৱস্থা গ্ৰহণ কৰা নহয়, তাৰ বাবে সুৰক্ষা বিচাৰি আবেদন দাখিল কৰিছিল । সেই আবেদন উচ্চ ন‍্যায়ালয়ে নাকচ কৰা পিছতে তেওঁক বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ইডিয়ে ।

লগতে পঢ়ক : অৰবিন্দ কেজৰিৱালক ৭ দিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ; কেন্দ্ৰক সমালোচনা বিৰোধীৰ - Kejriwal To 7 Days ED Custody

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.