ব’হাগতেই বিহুৰ অনুষ্ঠান শেষ কৰিবলৈ আহ্বান সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ - Bohag Bihu 2024

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 7:34 AM IST

thumbnail

ডিব্ৰুগড়, 13 এপ্ৰিল : আজি গৰু বিহু । পৰম্পৰাৰ ৰক্ষা কৰি প্ৰতিজন অসমীয়াই আজি পালন কৰিছে গৰু বিহু । গৰুক মাহ-হালধীৰ সানি নদ-নদী, পুখুৰী আৰু জলাশয়ত নামি প্ৰতিগৰাকী কৃষকে হাতে হাতে চাট আৰু মুখত বিহুনাম জুৰি গৰুক গা-ধুওৱা পৰিলক্ষিত হৈছে ৷

ইয়ৰ সমান্তৰালভাৱে আজি পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত আৰম্ভ হ'ব বিহুৰ অনুষ্ঠানসমূহো । এইবাৰ বিহুৰ ঐতিহ্য ৰক্ষা কৰি বিহু অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই । মৰাণত শুকুৰবাৰে নিশা মন্ত্ৰীগৰাকীয়ে কয় যে সাত দিন ভিতৰত বিহু অনুষ্ঠিত কৰিব লাগে ৷ সেইবাবে ৰাজ্য চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে ।

আনহাতে কিমান বিহু কমিটীয়ে জেঠ মাহত বিহু অনুষ্ঠিত কৰা বিষয়ত মন্ত্ৰীগৰাকীয়ে কয় যে জেঠত বিহু অনুষ্ঠিত কৰাটো কোনো যুক্তি নাই । বিহু মানে কেৱল গীত মাতে নহয়, কৰ্ম সংস্কৃতিও জড়িত । কৰ্মৰ মাজেদি আমি নতুন প্ৰজন্মক আগুৱাই নিব লাগিব বুলিও তেওঁ কয় ।

লগতে পঢ়ক : হুঁচৰি গাই অসমবাসীলৈ বিহুৰ শুভেচ্ছা যাচিলে 'মৰমজান' খ্যাত গীতিকাৰ ৰবীন বৰাই - Bohag bihu 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.