গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত শ্ৰীৰামলৈ সেৱা জনালে অজন্তা নেওগে

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 10:36 PM IST

thumbnail

গোলাঘাট, 22 জানুৱাৰী : সোমবাৰে অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ ঐতিহাসিক দিনটোত গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত প্ৰভু শ্ৰীৰামৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি আশিস ল’লে বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়ক অজন্তা নেওগে । জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰে আঠখেলীয়া নামঘৰৰ চৌহদ ৷

মন্ত্ৰীগৰাকীয়ে আঠখেলীয়া নামঘৰত উপস্থিত হৈ শ্ৰীৰামৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আৰু ভাৰতবৰ্ষৰ শতিকাজোৰা প্ৰচেষ্টাৰ অন্তত সনাতনী ধৰ্ম ধ্বজা স্থাপন কৰা হয় বুলি মন্তব্য কৰে । ভাৰতীয় হিচাপে সকলো আজি গৌৰাম্বিত বুলিও উল্লেখ কৰে তেওঁ ।

গোলাঘাট জিলাত সকলো ৰামভক্ত ওলাই অহা পৰিলক্ষিত হয় । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহযোগত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ কৰ্ণাধাৰ সমিতিয়ে নামঘৰৰ পৰা তিনি কিঃমিঃ ব্যাসাৰ্ধত পঞ্চাশ হাজাৰ গছি বন্তি প্ৰজ্বলন কৰে । ৰামৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি আজি গোলাঘাট নগৰৰ বিভিন্ন মঠ-মন্দিৰ, দেৱালয়, নামঘৰ আদি ধৰ্মীয় অনুষ্ঠানসমূহত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে লখিমপুৰত জয় শ্ৰীৰাম ধ্বনি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.