শোণিতপুৰ অব্যাহত অবৈধ মূৰ্গী আখৰাৰ প্ৰচলন, আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰকপত্ৰ প্ৰদান

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 10:25 PM IST

thumbnail

তেজপুৰ, ১০ ফেব্ৰুৱাৰী : শোণিতপুৰত অব্যাহত অবৈধ মদ-জুৱা, মূৰ্গী আখৰাৰ প্ৰচলন ৷ দিনক দিনে চাহ বাগিচা অঞ্চলত বৃদ্ধি পাইছে ইয়াৰ প্ৰকোপ ৷ ফলত উপায়ন্তৰ হৈ এই সমস্যাৰ সমাধান বিচাৰি শনিবাৰে আৰক্ষীৰ কাষ পালেগৈ আদিবাসী ছাত্ৰ সন্থা, চমুকৈ আছা ৷

বিৱৰণি অনুসৰি, জিলাখনৰ চাহ বাগিচাৰ অঞ্চলৰ সমীপত মূৰ্গী আখৰাৰ নামত প্ৰচলিত হৈ আছে এক ব্যতিক্ৰমী অবৈধ ব্যৱসায় ৷ ফলত দিনক দিনে বৃদ্ধি পাইছে অবৈধ মদ-জুৱাৰ প্ৰাদুৰ্ভাৱ । ফলস্বৰূপে যুৱ প্ৰজন্মৰ বাবে কঢ়িয়াই আনিছে এক ভয়ংকৰ বিপদ ।

সেয়ে সামাজিক পৰিৱেশ বিনষ্ট হোৱা আৰু নতুন প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ অসম আদিবাসী ছাত্ৰ সন্থাই (আছা) এই ঘটনা সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰে এখনি স্মাৰকপত্ৰ ৷ লগতে সকলো আৰক্ষী থানা চক্ৰ বিষয়াৰ আৰু জিলাৰ আৱকাৰী অধীক্ষকৰ ওচৰতো এই বিষয়ে স্মাৰকপত্ৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : দিছপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ মহম্মদ আব্দুলা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.