শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্মৃতিগ্ৰন্থ ভকতি সিন্ধু উন্মোচন

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 11:01 PM IST

thumbnail

ৰঙিয়া, 9 ফেব্ৰুৱাৰী: ৰঙিয়াত অনুষ্ঠিত ৯৩ সংখ্যক অধিবেশনৰ মুকলি সভাত উপস্থিত হ'ল কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক । অধিবেশনৰ মুকলি মঞ্চত অনুষ্ঠিত সভাখনত উপস্থিত হ'ল বিজেপিৰ মিত্ৰদল অগপৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত তথা দলীয় কৰ্মকৰ্তাসকল । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাহিত্য শাখাৰ সভাপতি ড৹ জগত চন্দ্ৰ কলিতাৰ সভাপতিত্বত চলা সভাখনত ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে সংঘৰ বহুকেইগৰাকী গণ্য-মান‍্য ব‍্যক্তিয়েও অংশগ্ৰহণ কৰে । 

সভাখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্মৃতিগ্ৰন্থ ‘ভকতি সিন্ধু’কে ধৰি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় । স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ‍্যৰ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক কুলধৰ শইকীয়াই । গ্ৰন্থখন উন্মোচন কৰি তেওঁ কয় যে জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুজনাৰ অৱদান অপৰিসীম । 

সভাখনত উন্মোচন হোৱা গ্ৰন্থসমুহৰ মাজত অন্যতম দৃষ্টিহীনসকলৰ বাবে লিখি উলিওৱা ব্ৰেইলী পদ্ধতিৰ শ্ৰীমদ্ভাগৱত গীতা । সভাখনত উপস্থিত হৈ অগপ সভাপতি অতুল বৰাই শংকৰ সংঘৰ প্ৰশংসা কৰে । তেওঁ কয় যে গুৰুজনাৰ আদৰ্শ ৰাষ্ট্ৰীয় দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সংঘৰ ডাঙৰ অৱদান আছে ।

লগতে পঢ়ক: সদনত বগা গাখীৰ কেনেকৈ ক'লা কৰিব পাৰি তাৰেই চিন্তা বিৰোধীৰ: পৰমানন্দ ৰাজবংশী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.