শিল্পী পেঞ্চনাৰ মিলাদৈ মেদক-সদানন্দ মেদকক শ্ৰদ্ধাঞ্জলি মেদক অপিন কৌবাঙৰ - sadananda medak

🎬 Watch Now: Feature Video

thumbnail
জোনাইত শিল্পী পেঞ্চনাৰ মিলাদৈ মেদক-সদানন্দ মেদকক শ্ৰদ্ধাঞ্জলি (undefined)

By ETV Bharat Assamese Team

Published : January 30, 2024 at 5:05 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, ৩০ জানুৱাৰী : জোনাই বজাৰ নিবাসী, শিল্পী পেঞ্চনাৰ তথা মেদক অপিন কেবাঙৰ প্ৰাক্তন সভানেত্ৰী প্ৰয়াত মিলাদৈ মেদক আৰু মেদক অপিন কেবাঙৰ প্ৰাক্তন উপ-সভাপতি, শিল্পী পেঞ্চনাৰ তথা বিশিষ্ট সমাজসেৱক প্ৰয়াত সদানন্দ মেদকক মঙলবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । তেওঁলোকৰ নিজা বাসগৃহত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত মেদক অপিন কেবাঙৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে শ্ৰদ্ধাঞ্জলি-পত্ৰ পৰিয়ালক অৰ্পণ কৰা হয় । 

উল্লেখযোগ্য যে শিল্পী পেঞ্চনাৰ প্ৰয়াত মিলাদৈ মেদকে বিভিন্ন সমাজসেৱাৰ লগতে ২০১১ চনত শিল্পী অমূল্য কাকতি স্মাৰক বঁটা আৰু ২০১৫ চনত অসম চৰকাৰৰ অমূল্য প্ৰভা দাস বঁটা লাভ কৰে । ইয়াৰ উপৰি মহিলাগৰাকীৰ স্বামী তথা শিল্পী পেঞ্চনাৰ প্ৰাপক প্ৰয়াত সদানন্দ মেদকেও ২০০১ চনত অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

এই মহান শিল্পী দুগৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনাখন মেদক অপিন কেবাঙৰ তৰফৰ পৰা এখন শ্ৰদ্ধাঞ্জলি-পত্ৰ প্ৰদান কৰাৰ লগতে পৰিয়াল তথা বহু গুণমুগ্ধই প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰাৰ লগতে শিল্পী দুগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক :ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details