শিল্পী পেঞ্চনাৰ মিলাদৈ মেদক-সদানন্দ মেদকক শ্ৰদ্ধাঞ্জলি মেদক অপিন কৌবাঙৰ

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 5:05 PM IST

thumbnail

জোনাই, ৩০ জানুৱাৰী : জোনাই বজাৰ নিবাসী, শিল্পী পেঞ্চনাৰ তথা মেদক অপিন কেবাঙৰ প্ৰাক্তন সভানেত্ৰী প্ৰয়াত মিলাদৈ মেদক আৰু মেদক অপিন কেবাঙৰ প্ৰাক্তন উপ-সভাপতি, শিল্পী পেঞ্চনাৰ তথা বিশিষ্ট সমাজসেৱক প্ৰয়াত সদানন্দ মেদকক মঙলবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । তেওঁলোকৰ নিজা বাসগৃহত অনুষ্ঠিত আদ্যশ্ৰাদ্ধত মেদক অপিন কেবাঙৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে শ্ৰদ্ধাঞ্জলি-পত্ৰ পৰিয়ালক অৰ্পণ কৰা হয় । 

উল্লেখযোগ্য যে শিল্পী পেঞ্চনাৰ প্ৰয়াত মিলাদৈ মেদকে বিভিন্ন সমাজসেৱাৰ লগতে ২০১১ চনত শিল্পী অমূল্য কাকতি স্মাৰক বঁটা আৰু ২০১৫ চনত অসম চৰকাৰৰ অমূল্য প্ৰভা দাস বঁটা লাভ কৰে । ইয়াৰ উপৰি মহিলাগৰাকীৰ স্বামী তথা শিল্পী পেঞ্চনাৰ প্ৰাপক প্ৰয়াত সদানন্দ মেদকেও ২০০১ চনত অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

এই মহান শিল্পী দুগৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনাখন মেদক অপিন কেবাঙৰ তৰফৰ পৰা এখন শ্ৰদ্ধাঞ্জলি-পত্ৰ প্ৰদান কৰাৰ লগতে পৰিয়াল তথা বহু গুণমুগ্ধই প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰাৰ লগতে শিল্পী দুগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।

লগতে পঢ়ক :ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.