জোনাইত মে-ডাম-মে-ফি উদযাপন

By ETV Bharat Assamese Team

Published : Jan 31, 2024, 8:04 PM IST

thumbnail

জোনাই,৩১ জানুৱাৰী: সদৌ টাই আহোম ছাত্র সন্থাৰ চিমেন চাপৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত আজি চিমেন চাপৰি চ্যাও ছেণ ৰৌণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নৱম বাৰ্ষিক মে-ডাম-মে-ফি উদযাপন কৰা হয় । অনুষ্ঠানৰ পুৱা বজাত পুৱা ৭ বজাত চিমেন চাপৰি সম্মিলিত নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ নেতৃত্বত পৰিবেশ নিকাকৰণ কাৰ্যসূচী হাতত লোবা হয় । পুৱা ৮ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্রী ৰাণু গগৈ আৰু চিমেন চাপৰি আঞ্চলিক তাই আহোম ছাত্র সন্থাৰ সভাপতি জয়ন্ত গগৈয়ে ।  

উল্লেখ্য যে, স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ দিনৰে পৰাই অসমত টাই-আহোমসকলে নিৰ্দিষ্ট নিয়ম-নীতিৰে মে-ডাম-মে-ফি পালন কৰাৰ কথা বুৰঞ্জীত পোৱা যায় । আহোমসকলে স্থাপন কৰা অসমৰ প্ৰথম ৰাজধানী চৰাইদেউত সম্পূৰ্ণ ৰাজকীয় পৃষ্ঠপোষকতাত তেওঁলোকৰ পূৰ্বপুৰুষ বা পুলিন-পুথাওসকলৰ স্মৃতিত মে-ডাম-মে-ফি ধৰ্মীয় অনুষ্ঠানটি পালন কৰাৰ কথাও বুৰঞ্জীত উল্লেখ আছে । আহোমসকলক একতা আৰু ভাতৃত্বৰ ডোলেৰে বান্ধি ৰখাৰ লগতে অসমীয়া জাতীয় ঐক্য আৰু সমন্বয় সাধনতো মে-ডাম-মে-ফিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । সেই আদৰ্শৰে জোনাইতো প্ৰতিবছৰে উদযাপন কৰা হয় মে-ডাম-মে-ফি । 

লগতে পঢ়ক: আমলখি দেওশালত মে-ডাম-মে-ফিত আহোমসকলে স্মৰণ কৰিলে পূৰ্বপুৰুষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.